খোল তাল-বাদ্যলৈ খ্ৰীষ্টধৰ্মক আগ্ৰাসন কৰিবলৈ ওলোৱাটো এক গৰিহনাৰ যোগ্য।।মহাপুৰুষ গুৰু দুজনাৰ ধৰ্মীয় ৰীতি-নীতি,সত্ৰীয়া সংস্কৃতিক বিকৃত কৰণৰ চেষ্টা একাংশ খ্ৰীষ্টান ধৰ্মীয়লোকৰ।বৈষ্ণৱ ধৰ্মীয় ৰীতি-নীতি,সত্ৰীয়া সংস্কৃতিক বিকৃত নকৰিবলৈ সকীয়নি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ।২৩জুলাইত মহন্ত বাপজনাই এক বিবৃতিত কয়-ইয়াৰ গুৰুজনাৰ কলা-সংস্কৃতিক অপমান কৰা হৈছে আৰু অপমান কৰা কাৰ্যক মহাপুৰুষীয়া সমাজৰ সহ্যৰ অতীত।সেয়ে গুৰু জনাৰ অমৰ সৃষ্টি ৰাজিক ভেঙুচালি কৰা কাকোৱেই ক্ষমা কৰা নহ’ব।সত্ৰীয়া কলা-সংস্কৃতিৰ ওপৰত এয়া মোক্ষম আঘাত।মৰাণৰ প্ৰাৰ্থনা সভাত সত্ৰীয়া কলা- সংস্কৃতিক অপমান আৰু বিকৃত কৰা সন্দৰ্ভত বিভিন্ন জনৰ গৰিহণা,ধিক্কাৰ জনোৱাৱাৰ লগতে আমি অসম সত্ৰ মহাসভাই তীব্ৰ ভাষাৰে গৰিহনা জনাইছো আৰু গুৰুজনাক লৈ কৰা এনে ভেঙুচালি কাৰ্য অতিশীঘ্ৰ বন্ধ কৰিবলৈ দাবী জনালো অন্যথা আইনৰ আশ্ৰয় লবলৈ বাধ্য হম বুলি তেওঁ লগতে উল্লেখ কৰে।