Breaking

মেডিকেল কলেজ স্থাপন কৰিব আজমল ভাতৃদ্বয়ে…

0 63

চৰকাৰে দিব বিত্তীয় সাহাৰ্য্য

অশালীন মন্তব্য কৰি ৰাজ্যজুৰি ককৰ্থনাৰ সম্মুখীন হোৱা সাংসদ বদৰুদ্দিন আজমলে এইবাৰ স্হাপন কৰিব চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। এই ঘোষনা বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলৰ। সংবাদমাধ্যমৰ আগত বিধায়ক গৰাকীৰ স্পষ্ট মত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বিত্তীয় সাহাৰ্য্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কথা দিছে আজমল ভাতৃদ্বয়ক।

চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অনুমতি প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দিয়া বুলি উল্লেখ কৰি চিৰাজুদ্দিন আজমলে চিকিৎসা মহাবিদ্যালয়খন স্হাপন হ’লে হোজাই জিলাৰ ছাত্ৰ ছাত্ৰী সকল যথেষ্ট উপকৃত হব বুলি উল্লেখ কৰে। ইতিমধ্য আজমল পৰিয়ালে ১০০ বিঘা ভূমি ক্ৰয় কৰা বুলিও তেও সংবাদমাধ্যমক সদৰি কৰে।

চিৰাজুদ্দিন আজমলৰ মন্তব্যই ইতিমধ্য তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এইয়া প্ৰকৃততে যদি সত্য হয় বিজেপি আৰু আজমলৰ মাজত যে গোপন বুজাবুজি আছে সেয়া পোহৰলৈ অহাৰ লগতে বিজেপি দলটোক ক্ষতি কৰিব বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে।

একেদৰে বদৰুদ্দিন আজমলৰ মন্তব্যক তল পেলাবলৈ দলটোৱে ৰাজনৈতিক খেল খেলা বুলিও চৰ্চা লাভ কৰিছে। চৰকাৰে বিষয়টো স্পষ্ট কৰাৰ সময় সমাগত বুলি বিভিন্ন মহলে মত পোষণ কৰিছে। চৰকাৰে এতিয়া কি কয় সেয়া সময়ত পোহৰলৈ আহিব।

Leave A Reply