Breaking

চিলাপথাৰত বিতৰ্কিত আইন কা’ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা…

0 18

কেন্দ্ৰীয় চৰকাৰে অচিৰেই কা’ কাৰ্যকৰি কৰাৰ সম্ভাৱনা স্পষ্ট কৰাৰ পিছতে আৰম্ভ চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি চিলাপথাৰত বিতৰ্কিত আইনখনৰ বিৰূদ্ধে জাঙুৰ খাই উঠে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে খিলঞ্জীয়া লোকক নি:শেষ কাৰি কা অসমীয়াই কাহানিও মনা নাই আৰু ভৱিষ্যতেও নামানে বুলি মন্তব্য

কৰি যিটো সময়ত বিতৰ্কিত আইনখন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তেনে সময়তে কি স্বাৰ্থত খিলঞ্জীয়াৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰা আইনখন কাৰ্যকৰী কৰিবলৈ লৈছে। কেৱল নিৰ্বাচন আহিলে বিজেপি চৰকাৰখন খনে ভোটৰ স্বাৰ্থত সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধ বিনষ্ট কৰি জাতিটো ভাগ ভাগ কৰাৰ কু-চক্ৰান্ত কৰি আহিছে বুলি কয়। ইতিমধ্যে আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰাৰ লগতে ধাৰাবাহিক আন্দোলন ঘোষণা কৰা হৈছে।

অসম চুক্তি বিৰোধী আইনখন পুনৰ আনিলে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ’ব। অহা ৪  মাৰ্চৰ পৰা সংগঠনটোৰ ধেমাজি জিলাই প্ৰান্তে প্ৰান্তে গৈ আইন খনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব বুলি কয়। ন্যায়লয়ৰ ওপৰত বিজেপি চৰকাৰ নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কা বলবৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই  দিয়ে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply