Breaking

‘আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ উদ্যোগত আৰু ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ সহযোগত আছাম ৰাইজিং য়ুথ কনক্লেভ-২০২৪ আৰু সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন…

0 47

সমাজৰ প্ৰতি সেৱাৰ মনোভাবেৰে গঠিত ‘আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ উদ্যোগত আৰু ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ সহযোগত নৱবৰ্ষ ২০২৪ৰ ৫ জানুৱাৰীত চতুৰ্দশ সংখ্যক ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪ আৰু সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠান’ৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল “ভিভাণ্টা’ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোত যুৱ উদ্যমিতাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰি ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ অনুষ্ঠিত হ’ব। যুৱশক্তিক মূল বিষয় হিচাপে লৈ আয়োজন কৰা য়ুথ কনক্লেভৰ বিষয় হৈছে ‘আজিৰ ছাত্ৰ; কাইলৈ দেশৰ সু-নাগৰিক’ । উক্ত অনুষ্ঠানলৈ অসমৰ প্ৰতিখন জিলাৰ যুৱ প্ৰতিনিধিৰ লগতে বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্রণ জনোৱা হৈছে। এই অনুষ্ঠানত নতুন প্ৰজন্মই সংস্থাপনৰ পথ বিচাৰি উলিয়াব পৰা অসমৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ ক্ষেত্র, যেনে পর্যটন, কৃষি, স্বাস্থ্য, ক্রীড়া, খনিজ-তেল, গেছ, পৰিবহণ, উদ্যমিতা আৰু দক্ষতা বিকাশ, বি২বি আদিৰে অসমখন কিদৰে সমৃদ্ধিশালী কৰি তুলিব পাৰি সেইবোৰ বিষয়ত আলোকপাত কৰা হ’ব।

যুৱ উদ্যমিতাৰ সঠিক বিকাশেৰে অসমৰ যুৱক-যুৱতীসকলে কিদৰে নিজে চাকৰি নিবিচাৰি আনক চাকৰি দিব পৰাকৈ সংস্থাপিত হ’ব পাৰে সেই বিষয়ত ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ ত আলোচনা কৰা হ’ব। এই য়ুথ কনক্লেভত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোঁহাইয়ে। ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ ত অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলে https://www.dainandinbartagroup.in বেৱ চাইটত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ উক্ত য়ুথ কনক্লেভে অসমৰ যুৱ-প্ৰজন্মক নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে৷ এই অনুষ্ঠানতে ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ তৰফৰ পৰা ‘সম্বৰ্ধনা আৰু বঁটা’ প্ৰদানৰ লগতে সন্ধিয়া ন-পুৰণি শিল্পীৰ সমাহাৰেৰে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে।অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিহা কৰা হৈছে৷

Leave A Reply