Breaking

বাঁহীৰ অমিয়া সুৰে মুগ্ধ কৰিলে শ-শ লোকক৷

0 2,040

জামুগুৰিহাট, প্ৰতিবেদক:  ৰাসৰ এটি বাঁহীৰ সুৰ৷যিটো সুৰ বাজি উঠাৰ লগে লগে ৰাসৰ গোপ গোপীসকল আপোন পাহৰা হৈ উঠে আৰু নৃত্যত মগন হৈ পৰে৷তিনিবছৰ পূৰ্ৱেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আৰু সকলোৱে আদৰি লোৱাৰ উপৰিও আজিও জনপ্ৰিয় সেই বাঁহীৰ সুৰ সৃষ্টিকাৰী নগাঁৱৰ বাঁহীবাদক নৱজিত বৰা নামঘৰনগৰী জামুগুৰিহাটৰ কেবাখনো ভাঁওনা গৃহত অলপতে আহি উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে লোকসকল৷বিশেষকৈ বাৰেচহৰীয়া ভাঁওনাৰে গৰিমামণ্ডিত নামঘৰনগৰী জামুগুৰিহাটত এতিয়া গাঁৱে গাঁৱে অনুষ্ঠিত হৈ আছে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজী ভাঁওনা৷শতাধিক গাঁও থকা জামুগুৰিহাটত প্ৰতিখন গাঁৱতেই আছে একো একোটি নামঘৰ৷য’ত গাঁওবাসী লোকসকলে একতাৰ বন্ধোন মজবুত কৰি ৰাখিবৰ বাবেই প্ৰতিবছৰে অনুষ্ঠিত কৰে ভাঁওনা৷বিগত বৰ্ষসমুহত ক’ভিড পৰিস্থিতিৰ বাবে এই ভাঁওনা অনুষ্ঠিত কৰিবপৰা নাছিল যদিও এইবেলি ক’ভিড পৰিস্থিতি কিছু সাম কটাত পুণৰ অঞ্চলটোলৈ ঘুৰি আহিছে এক সাংস্কৃতিক পৰিৱেশ৷তাৰমাজতেই বাঁহীবাদক তথা সকলোৰে আপোন বাঁহীবাদক-শিল্পী নৱজিত বৰাক কাষত পাই ভাঁওনাগৃহলৈ অহা ভক্তপ্ৰান লোকসকলৰ লগতে অন্যান্য কলা কুশলি সকলো আনন্দিত হৈ পৰে৷বিশেষ কাম লৈ জামুগুৰিহাটলৈ অহা বাঁহীবাদক গৰাকী এইদৰে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ ভাঁওনা স্ব-চক্ষে প্ৰত্যক্ষ কৰি উপভোগ কৰিবলৈ আহিছিল যদিও সকলোৰে বাবেই পৰিচিত শিল্পীগৰাকীক হঠাৎ প্ৰত্যক্ষ কৰি উদ্যোক্তাসকলো আনন্দিত হৈ শিল্পীগৰাকীক উষ্ম সম্বৰ্ধনা জনাই৷অঞ্চলটোৰ বাহদোঙা বৰাচুক,বৰভগীয়া গাঁৱৰ ভাঁওনাথলীত শিল্পীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে বাঁহীৰ অমীয়া সুৰেৰে ৰাজ্যবাসীক মুগ্ধ কৰা শিল্পীগৰাকীৰ বাঁহীৰ সুৰো শুনিবলৈ সাৰ্থক হয় উপস্থিত লোকসকল৷জামুগুৰিবাসীৰপৰা এইদৰে মৰম পাই আপ্লুত হৈ পৰাৰ লগতে উঠি অহা প্ৰজন্মৰ বাঁহীৰ সুৰৰ প্ৰতি আগ্ৰহি সকলোকে একান্তচিত্তে এই বাদ্যৰ প্ৰতি মনোযোগ দি এগৰাকী সুনিপুন বাঁহীবাদক হৈ উঠিবৰ বাবেও আহবান জনাই বাঁহীবাদক শিল্পী নৱজিত বৰাই।

Leave A Reply