উত্তৰ পুৰুষৰ মঞ্চৰ “অমৃত যাত্ৰা” সম্পন্ন…

উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্য্যকৰী সভানেত্ৰী ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ পিতৃ প্ৰয়াত অশ্বিনী কুমাৰ বৰুৱাদেৱৰ বৈকুণ্ঠপ্ৰয়ান হোৱাৰ পিছত,তেখেতৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ ওচৰত সমবেদনা জ্ঞাপন আৰু শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাৰ বাবে যোৱা ১৯ তাৰিখ(১৯-০৮-২০২২) শুক্ৰবাৰে মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰাৰ নেতৃত্বত মঞ্চৰ অন্যতম কাৰ্য্যকৰী সভাপতি সুৰেন্দ্ৰ মোহন দাস, মঞ্চৰ সাহিত্য আৰু পূৰাতত্ব বিভাগৰ সম্পাদক পুলকেশ ৰায় বৰুৱাৰ দলটি সূদূৰ শিৱসাগৰৰ জাঁ‌জীত উপস্থিত হয়।

তাত গৈ মঞ্চৰ হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ ওচৰত জোনাক আলোচনী আৰু মঞ্চৰ হৈ সমবেদনা জ্ঞাপন কৰে। ২০-০৮-২০২২ তাৰিখ শনিবাৰে মঞ্চৰ গুৱাহাটীৰ পৰা যোৱা দলটিক সহযোগ কৰে মঞ্চৰ অন্যতম কৰ্মী বাসন্তী ফুকন দুৱাৰা আৰু মীৰা হাজৰিকাই।দলটিয়ে শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক স্থান পৰিদৰ্শন কৰি নিশা গুৱাহাটীত উপস্থিত হয়।

“আমাক হেজাৰখন হাত লাগে যাৰ মন এটাই” আপ্তবাক্যৰে গঠন হোৱা মঞ্চৰ একতা আৰু ঐতিহ্যক এই যাত্ৰাই আৰু অধিক উজ্জল কৰি তোলে। এই অমৃত যাত্ৰাত যিসকলে অংশ লৈ মঞ্চক উজলাই তুলিলে তেখেতসকললৈ মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

Related Articles