Breaking

দুৰ্নীতিৰ আতুৰ ঘৰত পৰিণত সমাজ কল্যান বিভাগৰ অংগনৱাদী কেন্দ্ৰ।

0 74

দীৰ্ঘদিন ধৰি অংগনবাদী কেন্দ্ৰত  চলাই অহা দুৰ্নীতিৰ সম্পূৰ্ন তথ্য পোহৰলৈ আনিছে এখন গাঁৱৰ স্থানীয় ৰাইজে। এই ঘটনা হোজাই জিলাৰ অন্তৰ্গত  কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰ কৃষ্ণনগৰ গাঁৱৰ লংকা সংহত শিশু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯১নং অংগনৱাদী কেন্দ্ৰৰ।কেন্দ্ৰটোৰ কৰ্মী মইনা দাসৰ বিৰুদ্ধে উঠিছে এই ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ। ৰাজ্যত দিনে নিশাই বৃদ্ধি পাইছে দুৰ্নীতিৰ কৰ্মকাণ্ড।সমান্তৰাল বাবে হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯১ নং অংগণবাদী কেন্দ্ৰৰ কৰ্মী মইনা দাসে কেন্দ্ৰটোত চলাই অহা দীৰ্ঘদিনীয়া দুৰ্নীতিৰ সমগ্ৰ ঘটনা পোহৰলৈ আনিলে সচেতন ৰাইজে।জানিব দিয়া মতে অসম চৰকাৰৰ সমাজ কল্যান বিভাগে কেন্দ্ৰলৈ ৰূপায়ন কৰা সা সামগ্ৰীবোৰ বহু বছৰৰ পৰা আত্মসাত কৰাৰ উপৰিও কেন্দ্ৰত পাঠদান কাৰ্য্যৰ পৰা বিৰত থাকি সহায়িকা গৰাকীৰ ওপৰত হেঁচা প্ৰধান কৰি আহিছে।এই সন্দভত কেন্দ্ৰৰ স্থায়ী কমিটি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে বিগত 2017 চনত কৰ্মী জনৰ বিৰুদ্ধে লংকা সংহত শিশু উন্নয়ন খণ্ডৰ বিষয়লৈ স্থানীয় ৰাইজে লিখিত অভিযোগ দাখিল কৰে। কিন্ত উক্ত অভিযোগৰ বিপৰীতে সচেতন ৰাইজক একপ্ৰকাৰ বৃদ্ধা আঙুষ্ঠ দেখুৱালে বিভাগীয় কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত 2019 চনত পুনৰ লিখিত অভিযোগ দাখিল কৰিও ফলাফল শূণ্য উপভোগ কৰে সাধাৰণ ৰাইজে।এতিয়া প্ৰশ্ন উত্থাপন হয় যে মুখ্যমন্ত্ৰী হিমন্তৰ শিক্ষা বিভাগত এয়া কি চলিছে? দুৰ্নীতি মুক্ত অসম গঢ়াৰ হাই ভল্টেজ ভাষনে তিল পৰিমানেও বুকু কঁপি উঠানাই এই সকল দুৰ্নীতিৰ আদৰ্শত গঢ়লৈ উঠা একাংশ বিষয়া কৰ্মচাৰী সকলৰ।কাক মেনেজ কৰি তেজ পিঁয়া দানবৰ দৰে এইসকল শিশুৰ মুখৰ খাদ্য কাঢ়ি নিজ পৰিয়ালৰ ভৰণপোষণৰ লগত ৰাজভোগ গ্ৰহণ কৰিছে ।আমাৰ এই প্ৰতিবেদন চাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

Leave A Reply