Breaking

ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে…

0 62

🍀 ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

🍀ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

☘️ ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।

☘️ নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। অৰ্থাৎ ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

☘️ নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কাৰ্য্যত বাধা দিয়ে। যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। সেয়েহে এই চাহ মহিলা সকলৰ বাবে বিশেষভাৱে উপকাৰী।

Leave A Reply