Breaking

‘মেধা’ৰ উপযুক্ত সংজ্ঞা হ’ব পাৰে মালা পাপলকাৰ…

0 28

‘মেধা’ৰ অৰ্থ বিশাল। মেধাৰ কোনো পৰিধি নাই। মেধাসম্পন্ন শিক্ষাৰ্থীসকলে যিকোনো পৰিস্থিতিতে, যিকোনো পৰিৱেশতে তেওঁলোকৰ মেধাৰ পৰিচয় দিব পাৰে। কোনো পৰিৱেশ-পৰিস্থিতিয়ে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। এতিয়া কথা হ’ল মেধা ছাত্ৰ-ছাত্ৰী কোনসকল- যিসকলে নিজৰ পাঠ্যক্ৰম সময় মতে আৰু নিয়মিত পঢ়ে। নিজৰ পাঠ ঠিক মতে বুজি লৈ অধ্যয়ন কৰি নিৰ্ভয়ে পৰীক্ষা দি সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সাজু হয় সেইসকলেইতো মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী। তেওঁলোকৰ জীৱনৰ প্ৰথম লক্ষ্যই হ’ল শিক্ষা গ্ৰহণ কৰা। সমাজত ভাল মানুহ হৈ নিজৰ আদৰ্শ প্ৰতিপন্ন কৰা। এইসকল মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক লৈ সেয়ে সমাজে, দেশে বহুত আশা কৰে। কিন্ত বৰ্তমান সময়ত এতিয়া দেখা পোৱা গৈছে যে মেধা মানেই হ’ল সবোচ্চ নম্বৰ লাভ কৰা। এতিয়া প্ৰায় সকলোৰে লক্ষ্য হৈছে পৰীক্ষাত অধিক নম্বৰ লাভ কৰাটো। মানে এতিয়া মেধা জোখা হয় নম্বৰৰ ভিত্তিত। বৰ্তমান শিক্ষা ব্যৱস্থাও হৈ পৰিছে নম্বৰকেন্দ্ৰিক, চাকৰিভিত্তিক। গতিকে স্বাভাৱিকতে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে বৃত্তিমুখী। চৰকাৰেও এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱা যেনেই অনুভৱ হয়।

মেধা অকল অধিক নম্বৰ পোৱাটোকে নুবুজায়। কিন্তু এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটা ধাৰণা হৈছে যে যিকোনো প্ৰকাৰে প্ৰথম বিভাগত পাছ কৰিব লাগে, সেয়া যেনেকৈয়ে নহওক কিয়। কাৰণ চৰকাৰৰ ঘৰৰ পৰা এই অধিক নম্বৰ পোৱা ছাত্ৰ-ছাীত উত্ৰীসকলৰ বাবে স্কুটী দিয়াৰ ব্যৱস্থা আছে। সেয়ে এতিয়া পঢ়াৰ প্ৰতিযোগিতাতকৈ স্কুটী পোৱাৰ প্ৰতিযোগিতাৰ বাবেহে বন পঢ়া যেন লাগে। কাৰণ বহুক্ষেত্ৰত সেইসকল ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি তেনেই সীমিত দেখা যায়। বহুতে এখন দৰ্খাস্ত ইংৰাজীত শুদ্ধকৈ লিখিবলৈ সক্ষম নহয়। এয়া বৰ পৰিতাপৰ বিষয়। সেয়ে বহুতে কয়েই- আগৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে আজিৰ বি এ, এম এ পাছ কৰা ল’ৰা-ছোৱালীয়েও ফেৰ মাৰিব নোৱাৰে। কথাটো একেবাৰে পেলাই দিবলগীয়া কথাও নহয়। গতিকে আমি যে বৰ্তমান নম্বৰৰ ভিত্তিত মেধাৰ সজ্ঞা দিছো হয়তো তাৰেই পৰিণাম এয়া। এনে হৈ গে থাকিবলৈ হ’লে ভৱিষ্যতে আমি বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী বহুত পাম কিন্তু সঁচা অৰ্থত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ পৰা আমি বৰ দুখ লগাকে বঞ্চিত হ’ম। অৱশ্যে বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিয়েও আজিৰ ছাত্ৰ-ছাত্ৰীক বহু ক্ষেত্ৰত বিপাঙত পেলাইছে। তেওঁলোকে কাক আদৰ্শ হিচাপে ল’ব ? আজি খোদ শিক্ষা বিভাগতে বিভিন্ন নীতিহীন কাম-কাজ, আজি এটা নিয়ম কালি এটা নিয়ম।

শিক্ষকৰ সীমাহীন সমস্যা। ইয়াৰ মাজত শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষা কেনেকৈ পাব সিও এটা চিন্তাৰ বিষয়। সেয়ে যিসকল শিক্ষাৰ্থী পৰীক্ষাত কম নম্বৰ পায় অথবা কৃতকাৰ্য হ’ব নোৱাৰে তাৰ বাবে অকল তেওঁলোকেই দোষী নহয়। আমি যেনে ধৰণে শিক্ষা ব্যৱস্থাটো গঢ় দিব লাগিছিল হয়তো পৰা নাই। কোনোবাখিনিত নিশ্চয় আসোঁৱাহ থাকি গৈছে। সেয়ে পৰৱৰ্তী সময়ত এইবোৰৰ প্ৰতি কৰ্তৃপক্ষই অধিক নজৰ দিব। নম্বৰকেন্দ্ৰিক শিক্ষাত যিমানখিনি গুৰুত্ব দিয়া হৈ আহিছে তাতকৈ মেধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে নিশ্চয় নম্বৰ আৰু মেধা দুয়োটাই আমি সমানে লাভ কৰিবলৈ সক্ষম হ’ম সেইটো নিশ্চিত। অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটী দি তেওঁলোকক অপৈণত বয়সতে বিলাসী জীৱন যাপন কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলা হৈছে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোক উচ্চাভিলাসী হোৱাটো নিশ্চিত। আৰু ইয়াৰ বাবে কেৱল তেওঁলোককে দোষী সাব্যস্ত কৰিলে নহ’ব। ইয়াৰ দোষৰ ভাগী যে আমিও হ’ম সেয়া সত্য। তাতকে তেওঁলোকক পঢ়াৰ খৰচ বা অন্যান্য সুবিধা কৰি দেলেহে বেছি ভাল হ’ব যেন অনুভৱ হয়। তেতিয়া উপযুকু বয়সত তেওঁলোকে তেতিয়া নিজেই তেওঁলোকৰ নিজা অভাৱবোৰ পূৰণ কৰি ল’ব পাৰিব। তেওঁলোক স্বাৱলম্বী হৈ সমাজত সুস্থ নাগৰিক হিচাপে খ্যাতি লাভ কৰিব পাৰিব।


অৱশ্যে এতিয়াও যে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ অভাৱ হোৱা নাই সেই কথা হৈ যোৱা পৰীক্ষাসমূহৰ পৰাই অনুমান কৰিব পাৰি । হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অথবা সদ্যপ্ৰকাশিত এপিএছচি পৰীক্ষাত এনে বহু ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে পাছ কৰিছে যিসকলৰ চলিবলৈ ন্যূনতম সুবিধাখিনিও ঘৰখনত নাই। অলপতে অনুষ্ঠিত হৈ যোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থী নিজৰ পঢ়া সামগ্ৰীতো দূৰৰে কথা, তেওঁলোকৰ থাকিবলৈ এটা ঘৰো নাই। ৰাস্তাৰ কাষত বেনাৰ- ভঙা টিং আদিৰে বনাই লোৱা জুপুৰীৰ ভিতৰতে কেৰাচিনৰ চাকিৰ পোহৰত চৰম দুৰ্যোগৰ মাজেৰে পঢ়িয়েই সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অভাৱ-অভিযোগ আৰু নানা দুখ-কষ্টৰ মাজেৰে পঢ়ি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এয়া আমাৰ ৰাজ্যখনৰ বাবেই গৌৰৱৰ বিষয়। আনহাতে, একাংশ হৃদয়ৱান লোকে এনে দুখীয়া-দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক হিয়া উজাৰি সহায় কৰাৰ লগতে আৰ্থিকভাৱেও সহায় কৰিছে। কোনোৱে এনে বহু ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্বও লৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰমাণ কৰি দেখুৱাই দিছে যে একাগ্ৰতা আৰু প্ৰৱল ইচ্ছাশক্তি থাকিলে জীৱনত চৰম দৰিদ্ৰতা বা কোনো প্ৰতিবন্ধকতাই হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই ইচ্ছাশক্তিৰ বলতে তেওঁলোক উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ’বই।
এই ইচ্ছাশক্তিৰ এটা বাস্তৱ সত্য হ’ল- এগৰাকী দৃষ্টিশক্তিহীন ছোৱালী। যিগৰাকী ছোৱালীৰ নাম মালা পাপলকাৰ। মহাৰাষ্ট্ৰৰ এইগৰাকী ছাত্ৰীৰ জীৱন পৰিক্ৰমা বৰ কণ্টকাকীৰ্ণ আছিল। তেওঁৰ জন্মৰ পিছতে পিতৃ-মাতৃৰ দ্বাৰা পৰিত্যক্ত হ’ব লগা হৈছিল। এইগৰাকী দৃষ্টিহীন ছোৱালীক মহাৰাষ্ট্ৰৰ জলগাঁও নামৰ এটা ৰে’ল ষ্টেচনৰ সমীপৰ এটা ডাষ্টবিনত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই ছোৱালীজনীক গতাই দিছিল এখন অনাথ আশ্ৰমত। এই অনাথ আশ্ৰমৰ পৰাই সেই ছোৱালীজনীক অমৰাৱতীৰ পাৰাটৱাড়াত অৱস্থিত এখন শ্ৰৱণ আৰু দৃষ্টিশক্তিহীন স্কুলত ভৰ্তি কৰোৱা হৈছিল। আৰম্ভ হৈছিল ডাষ্টবিনৰ পৰা উদ্ধাৰ হোৱা সেই পৰিত্যক্ত মালা নামৰ ছোৱালীজনীৰ জীৱনৰ আন এক নতুন যাত্ৰা। মালাৰ এই নতুন জীৱন দান দিলে পদ্মশ্ৰী বঁটাৰে সন্মানিত সমাজকৰ্মী শংকৰাব্দ পাপলকাৰে। পাপলকাৰে আনকি তেওঁৰ নিজৰ উপাধিটো মালা নামটোৰ লগত সংযোজন কৰি দি মালাৰ পৰা মালা পাপলকাৰ বুলি পৰিচয় কৰাই দিলে এই দুৰ্ভগীয়া ছোৱালীজনীক। তেতিয়াৰ পৰাই মালা হৈ পৰিল মালা পাপলকাৰ। শংকৰাব্দ পাপলকাৰেই মালাক জীৱন-জগতক দৰ্শন কৰাৰ শক্তি প্ৰদান কৰে। এই মালাই এদিন নিজৰ একান্ত ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই অন্ধ হৈয়ো ব্ৰেইল পদ্ধতিৰে শিক্ষা লাভ কৰি উচ্চ মেধাৰ পৰিচয় দিবলৈ সক্ষম হ’ল। এটা পৰিত্যক্ত ডাষ্টবিনৰ পৰা জীৱন পৰিক্ৰমা আৰম্ভ হোৱা মালাই এতিয়া সংকল্প লৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰাৰ। পৰিয়ালৰ আদৰ-যত্ন তথা বিলাসী জীৱন কটায়ো অথবা সকলো ফালৰ পৰা সুস্থ-সবল হৈয়ো যিটো কাম কৰিবলৈ হাজাৰজনৰ বাবে সহজ নহয় সেই কাম মালাই তেওঁৰ সীমাবদ্ধতাৰ মাজত থাকিও আৰু দৃষ্টিশক্তিহীন হৈয়ো কৰি দেখুৱাই প্ৰমাণ কৰিছে যে শাৰীৰিক প্ৰতিবন্ধকতা উত্তৰণৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।

ইচ্ছা থাকিলে লক্ষ্যস্থান পোৱাৰ ক্ষেত্ৰত কোনো বাধাই কেতিয়াও ৰখাব নোৱাৰে। সেয়া প্ৰমাণ কৰিলে মালা পাপলকাৰ নামৰ এইগৰাকী দুৰ্ভগীয়া শিক্ষাৰ্থীয়ে। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি থাকিব পাৰে। দৃষ্টিহীন আৰু পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন এইগৰাকী মালাৰ আত্মপ্ৰতিষ্ঠাৰ এই মহান দৃষ্টান্তই আমাৰ যুৱক-যুৱতীসকলক নিশ্চয় উপকৃত কৰিব ই নিশ্চিত। গতিকে পৰমুখাপেক্ষী হোৱাতকৈ, চৰকাৰী অনুদানৰ অনুগ্ৰহতকৈ মনোযোগেৰে পঢ়া-শুনা কৰি, ইচ্ছাশক্তি আৰু দৃঢ় সংকল্পক অগ্ৰাধিকাৰ দি পঢ়া-শুনা কৰিলে জীৱনত সফলতা অনিবাৰ্য। ইয়াক কোনেও বাধা দিব নোৱাৰে। অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰো কৰণীয় বহুত আছে ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। তেতিয়াহে নিশ্চয় মেধা আৰু নম্বৰ দুয়োটাতে আগবাঢ়ি যাব পাৰিব। নিশ্চয় অসমৰ ছাত্ৰ-ছাত্ৰীও মালা পাপলকাৰ দৰে বিভিন্ন মাজেৰে পঢ়িও সফলতাৰে, মেধাৰ পৰিচয়ৰে উজলি উঠিব পাৰিব। আৰু এই মেধাসম্পন্ন যুৱক-যুৱতীসকলৰ বাবেই আমাৰ ৰাজ্যখনো জ্যোতিষ্মান হৈ পৰিব।


লেখকঃ ভূপেন মহন্ত

Leave A Reply