Breaking

বিশ্বনাথৰ বালিচাং প্ৰাথমিক বিদ্যালয়ৰ তোৰণ আৰু গেটৰ শুভ উদ্ধোধন …

0 150

বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্ত বৰচাং কেন্দ্ৰৰ প্ৰাক স্বাধীনতা কালৰে পৰা স্থাপন হোৱা বালিচাং প্ৰাথমিক বিদ্যালয়খনৰ নৱনিৰ্মিত তোৰণ আৰু প্ৰৱেশ দ্বাৰ গেটৰ আজি শুভ উদ্ধোধন কৰা হয় ৷ মানৱ সম্পদ ৰূপে গঢ় দিয়া এই বিদ্যালয়খনেই বৃহত্তৰ বালিচাং অঞ্চলৰ শিক্ষাৰ বুনিয়াদ গঠন কৰি আহিছে ৷ প্ৰাক স্বাধীনতা কালৰ স্থাপিত বিদ্যালয়খন ২০১৬ চনতে হীৰক জয়ন্তী সমাৰোহ অনুষ্ঠানৰ উপলক্ষ্যত বালিচাং পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰেৱন শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী পুৰ্ণমায়া দেৱীয়ে স্থানীয় ৰাইজ তথা শিক্ষক মণ্ডলীৰ অনুৰোধ মৰ্মে বিদ্যালয়খনৰ বাবে এখন তোৰণ নিৰ্মাণ কৰি দিয়ে ৷

একেদৰে বালিচাং আদৰ্শ চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট তথা বিশিষ্ট সমাজসেৱক ৰোষ বৰাই লোহাৰ গেট এখন দিয়ে ৷ আন আন শুভাকাংক্ষী সকলেও বিদ্যালয়খনৰ চৌহদৰ চাৰিওকাষে ১০ ফুটকৈ পকীৰ বেৰ দি বিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দিয়ে ৷ ৰাইজৰ বিশেষ সহ্ৰ্ৰদয়তাৰ প্ৰতি সন্মান জনাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰেশ বৰাৰ বিশেষ তৎপৰতাত নৱনিৰ্মিত তোৰণ , গেট আৰু বিদ্যালয়ৰ চৌহদৰ পকীবেৰ শুভ উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰে ৷

মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশ্বনাথ খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্টই ৷ এই বিশেষ উদ্ধোধনী অনুষ্ঠানৰ আনুষ্ঠানিক পুৰ্বক শিক্ষা বিষয়া গৰাকী তোৰণ , আৰু গেটখনৰ শুভ উদ্ধোধন কৰে ৷ অনুষ্ঠানটোৰ উপলক্ষ্যত সম্বৰ্ধনা সভা এখনো অনুষ্ঠিত হয় ৷সভাত আমন্ত্ৰিত অতিথি আৰু দাতা সকলকো সম্বৰ্ধনা জনোৱা হয় ৷

লগতে শিক্ষাৰ ক্ষেত্ৰত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ উপৰিও পুৰ্ণ পৰ্যায়ৰ ৰূপ লোৱা বিদ্যালয়খনৰ প্ৰতি থকা ৰাইজৰ সহযোগিতাক সভাখনে শলাগ লয় ৷সভাত বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ গাণনিক বিষয়া , সমল বিষয়াকে ধৰি বৰচাং কেন্দ্ৰৰ শিক্ষক সমাজ প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Leave A Reply