The Assam Book Fair । অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে আয়োজন কৰি অহা ‘অসম গ্রন্থমেলা’ এই বছৰ ৰাজ্যখনৰ মুঠ আঠটা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটীৰ মূল গ্রন্থমেলাৰ উপৰি অসমৰ আন ৭খন চহৰত আঞ্চলিক গ্রন্থমেলাৰূপে ‘অসম গ্রন্থমেলা’ এইবেলি আয়োজন কৰা হ’ব। আজি অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমে অসম প্রকাশন পরিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়।

সংবাদ মেলত সাংবাদিকসকলক সম্বোধন কৰে পৰিষদৰ সচিব প্রমোদ কলিতা, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাব বিষয়ববীয়াসকলে। এই সংবাদমেলত বছৰটোৰ বাবে দুয়োটা অনুষ্ঠানে যৌথভাবে বিভিন্ন চহৰত আয়োজন কৰিবলৈ লোৱা গ্রন্থমেলাসমূহৰ স্থান আৰু তাৰিখ পৰিষদৰ সচিবে ঘোষণা কৰে। ঘোষণা কৰা মতে দুয়োটা অনুষ্ঠানে আয়োজন কৰিব বিচৰা গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ এনেধৰণৰ- বঙাইগাঁও (২২ অক্টোবৰ-২০২৫ৰ পৰা ২৯ অক্টোবৰলৈ), লক্ষীমপুৰ (১ নৱেম্বৰ-২০২৫ৰ পৰা ১০ নৱেম্বৰলৈ), নলবাৰী (৬ নৱেম্বৰ-২০২৫ৰ পৰা ১৭ নৱেম্বৰলৈ), যোৰহাট (১৪ নৱেম্বৰ-২০২৫ৰ পৰা ২৬ নৱেম্বৰলৈ), তিনিচুকীয়া (২৮ নৱেম্বৰ-২০২৫ৰ পৰা ৭ ডিচেম্বৰলৈ), শিলচৰ (১ ডিচেম্বৰ-২০২৫ৰ পৰা ১০ ডিচেম্বৰলৈ), মঙলদৈ (১২ ডিচেম্বৰ-২০২৫ৰ পৰা ১৮ ডিচেম্বৰলৈ)।
এইবেলি গুৱাহাটীত হ’বলগীয়া অসম গ্রন্থমেলা পূৰ্বৰ ১২ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ’ব। যোৱা বছৰৰ দৰেই গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিচৰা অসম গ্রন্থমেলা এই বছৰ ২৪ ডিচেম্বৰ-২০২৫ৰ পৰা ৬ জানুৱাৰী-২০২৬ তাৰিখলৈকে অনুষ্ঠিত হ’ব।
এই সংবাদমেলত অসম চৰকাৰে ‘গ্ৰন্থবর্ষ’ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ কিনাৰ বাবে প্রদান কৰিব বিচৰা ধনখিনি যাতে গ্রন্থমেলাসমূহত গ্রন্থ ক্রয়ৰ যোগেদি সদ্ব্যবহাৰ হয় তাৰ প্রতি উদ্যোক্তাসকল সচেষ্ট হ’ব বুলি উল্লেখ কৰে।

