অসম সমবায় মৰাপাট কলৰ উৎপাদন আৰম্ভ

নৱবৰ্ষৰ পহিলা দিনৰ দিনাই কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হয়। বহু উৎকণ্ঠাৰ মাজতে কালি পুৱা ছয় বজাত স্থানীয় বিধায়ক, জলসম্পদ মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই মৰাপাট কলটোৰ চুইছ অন কৰি উৎপাদনৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতে আয়োজিত এখনি ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে শ্ৰমিক কৰ্মচাৰীসকলক কৰ্ম সংস্কৃতি গঢ়াৰ ক্ষেত্ৰতআহ্বান জনাই কয় “মৰাপাট কলটো জীয়াই থাকিলেহে আমি বোৰ জীয়াই থাকিম” বুলি মন্তব্য কৰাৰ লগতে  কলটো মুকলি কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈ আৰু মহকুমাধিপতি বিতোপন নেওগে ভাষণ প্ৰদান কৰি কলটোৰ উন্নতিৰ কল্পে শ্ৰমিক কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ  সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ  উপদেষ্টা প্ৰদীপ লস্কৰে ভাষন প্ৰদান কৰে। ভাষন প্ৰসংগত প্ৰদীপ লস্কৰে শ্ৰমিক কৰ্মচাৰীয়ে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়।ইয়াৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলটোৰ শ্ৰমিক সকলৰ হৈ কৰ্মী সন্থাই বিত্তমন্ত্ৰী  ড. হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনায় । উল্লেখ্য যে যোৱা ২ নৱেম্বৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ পাছত দুমাহ ধৰি উৎপাদন বন্ধ হৈ পৰি এক অন্ধকাৰ পৰিবেশলৈ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৱে গতি কৰিছিল । কলিয়াবৰবাসী ৰাইজ, কলটোৰ প্ৰায় হাজাৰোধিক কৰ্মীৰ আহ্বান মৰ্মে বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কলটোৰ পুণৰ উৎপাদনক্ষম কৰি তুলিবৰ বাবে কলটোলৈ ১০ কোটি টকা অনুদান ঘোষণাৰ পাছত আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে কলটোৰ পুণৰ উৎপাদন আৰম্ভ হয় । অসম অন্যতম অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হোৱাৰ লগে-লগে বহু পৰিয়াললৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

Related Articles