Breaking

শ্ৰীশ্ৰীকামদেৱাল সত্ৰৰ সত্ৰাধিকাৰৰ পৰলোকপ্ৰাপ্তি

0 2,066

গহপুুুৰ মহকুমাৰ দক্ষিণ কলাবাৰীস্থিত আউনীআটী সত্ৰৰ শাখা হিচাপে পৰিচিত শ্ৰীশ্ৰীনীল গোবিন্দ কামদেৱাল সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ শোভনচন্দ্ৰ গোস্বামীৰ যোৱা নিশা ৮.৪৫ বজাত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত প্ৰায় ৭০ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজত তেওঁ চিকিৎসাধীন হৈ আছিল। এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাপেও সেৱা আগবঢ়াই অহা গোস্বামীয়ে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য এইগৰাকী সাংস্কৃতিক কৰ্মী উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সদস্য হিচাপে সেৱা আগবঢ়াই আহিছিল। অসম চৰকাৰৰ সত্ৰীয়া সংগীত প্ৰতিষ্ঠানৰ গুৰি ধৰোতা এইগৰাকী সত্ৰাধিকাৰৰ নেতৃত্বত দিল্লী, চেন্নাই, কলিকতাকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে শ্ৰীলংকাতো অসমৰ সত্ৰীয়া আৰু বিহু নৃত্যৰ দল লৈ প্ৰদৰ্শন কৰাই বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। দ’লগুৰি  বিহুক স্থায়ীত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা এইগৰাকী শিল্পী দক্ষিণ কলাবাৰী, কলাবাৰীকে ধৰি গহপুুুৰ মহকুমাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আহিছিল। তেওঁ ৰংতলিস্থিত চিত্ৰকলা সাংস্কৃতি কেন্দ্ৰ, সদৌ অসম মইনা পাৰিজাতৰ লগত জড়িত হোৱাৰ লগতে দক্ষিণ কলাবাৰী শাখা সাহিত্য সভাৰ লগতো বিশেষভাৱে জড়িত হৈ আছিল। এইগৰাকী সৰবৰহী সাংস্কৃতিক কৰ্মী সদৌ অসম সাংস্কৃতিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ লগতে তেওঁ এগৰাকী খোল বাদ্য আৰু সত্ৰীয়া নৃত্যৰ বিষাৰদ আছিল। সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সভ্য এইগৰাকী সত্ৰাধিকাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে স্থানীয় বিধায়ক উৎপল বৰা, ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি মহেন্দ্ৰ নাথ কোঁৱৰ, প্ৰধান সম্পাদক খগেন গগৈ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ শৰ্মা, বিশিষ্ট কবি জ্ঞান পূজাৰী, বিশিষ্ট কবি নগেন কোঁৱৰ, বিশ্বনাথ জিলা নাট্য সন্মিলনৰ সভাপতি বংশী বৰা, অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি লোকেশ্বৰী সন্দিকৈ, বিশ্বনাথ জিলা কবি সন্মিলনৰ সভাপতি সবিতা কোঁৱৰকে ধৰি গহপুুুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা, বিশ্বনাথ জিলা সাহিত্য সভা, দক্ষিণ কলাবাৰী শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সত্ৰাধিকাৰ তথা সাংস্কৃতিক কৰ্মী শোভন চন্দ্ৰ গোস্বামীৰ বিয়োগত মৰ্মাহত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।নিতুল বৰা হাৱাজান ।

Leave A Reply