আৱাহনৰ অৰ্ধাঙ্গিনী নাটখনলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি
নলবাৰী মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণ কৰি অনা আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ আৱাহন থিয়েটাৰে প্ৰথম নিশা নাট মঞ্চস্থ কৰে জনপ্ৰিয় নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “অৰ্ধাঙ্গিনী” । প্ৰথম নিশাই নাটখনৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আৰু লানি-নিচিগা সোঁত বয়।

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় প্ৰত্যক্ষ কৰিবলৈ এনেদৰে লানি – নিচিগা সোত বয় আৱাহনৰ প্ৰেক্ষাগৃহলৈ। আৱাহন থিয়েটাৰে দ্বিতীয় নিশাত মঞ্চস্থ কৰিব চলিত নাট্যবৰ্ষৰ আৱাহন থিয়েটাৰৰ বৰ্ষ শ্ৰেষ্ঠ নাট জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ “মোৰ তেজ মোৰ মৰম ” আৰু বিদায় নিশাত মঞ্চস্থ কৰিব ‘সতী বেউলা’ ।

আৱাহন থিয়েটাৰত অভিনয়ৰ মহাৰাণী তথা প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত এদল বলিষ্ঠ নাট্যযোদ্ধাৰ সমাহাৰ ঘটিছে তাৰ ভিতৰত সঞ্জীৱ শৰ্মা, জেফী বক্সি, অৰুণ বৰা, মৃণালদ্বীপ গোস্বামী, প্ৰমোদ চুতীয়া,ঋতুৰাজ মহন্ত, লাটুমনি ভূঞা, মঞ্জিল বৰুৱা, অঞ্জলী হাতীবৰুৱা, বিজুমনি চুতীয়া, নৱ দত্ত, চয়নিকা বৰা । আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰ। মুখ্য পৰিকল্পক প্ৰয়াসী পৰাশৰ শৰ্মা আৰু শশাংক পৰাশৰ শৰ্মা।সম্পাদক- প্ৰভাত ৰয় ।
ব্যৱস্থাপক-বিশ্ব। আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক-কৃষ্ণ ৰয়।

