Breaking

‘নন্দিনী’ৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান

0 77

জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজ কৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত দেওবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ অন্যতম বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নগাঁও জিলাৰ ফৌজদাৰীপট্টিস্থিত প্ৰয়াত অভিনেতা গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাইনী মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে স্মাৰক,ৰিহা,গামোচা,প্ৰশস্তি পত্ৰ আদি।এই বঁটা পৰিয়ালৰহৈ প্ৰদান কৰে জনপ্ৰিয় অভিনেতা গুণ মহন্তৰ ককাইদেউ ক্ষিৰদা মহন্তই।

লগতে বঁটা প্ৰাপকক আদৰণি জনায় গুণ মহন্তৰ ভগ্নী হীৰা মহন্ত দত্ত, পুত্ৰ-জীয়ৰী সদৃশ লক্ষিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সুৰুয মহন্তই।পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰহৈ লখিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সূৰুয মহন্তৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তই কয় যে-এই বঁটাটো এটা সন্মানীয় বঁটা। বঁটাটো মই গৌৰৱৰে গ্ৰহণ কৰিছো। গুণ মহন্তৰ মুখখন মনলৈ আহিলেই তেখেতৰ ভদ্ৰতা মোৰ মনত আহে। সম্প্ৰতি মানুহৰ মাজত সহনশীলতাৰ অভাৱ হৈছে।সাধাৰণ কথাতেই আমি দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিচ্ছেদ ঘটাও।এনে সময়ত গুণ মহন্তৰ শান্ত-সমাহিত আচৰণে আমাক সংযত হবলৈ,ভদ্ৰ হবলৈ শিকায়,প্ৰেৰণা যোগায়।’

ভাষন প্ৰসংগত তেওঁ কয় যে-নিৰহংকাৰী গুণ মহন্তই আমাক শিকাই গৈছে ক্ষমতা,অহংকাৰ অস্থায়ী। আমি কেনেকৈ মানৱীয় গুণ সমূহৰ অধিকাৰী হব পাৰো তাৰ শিক্ষা লব লাগে। এই শিক্ষা লবৰ বাবে এজন আদৰ্শ ব্যক্তি আছিল গুণ মহন্ত।’

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষন প্ৰদান কৰে লখিমী মহন্তই। অনুষ্ঠানত মিচিমি মহন্তই বঁটাৰ লগত প্ৰদান কৰা প্ৰশস্তি পত্ৰ পাঠ কৰে । উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে নিজা বাসভৱনৰ সত্ৰ নামঘৰত পুৱা নাম-প্ৰসঙ্গ, শ্ৰদ্ধাঞ্জলি আশীৰ্বাদেৰে গুণ মহন্তৰ সাংস্কৃতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ এই অনুষ্ঠানতে ‘সত্ৰীয়া সংস্কৃতিৰ সৈতে লখিমী আৰু মিচিমি মহন্ত’ আৰু ‘R.S.M Films & Raktim Suruj Mahanta Film Production House’ নামৰ দুটা ইউটিউৱ চেনেলো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷


ইউ টিউব চেনেল দুটা মুকলি কৰে ক্ৰমে শীৰ্ষ আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু বোলছৱি পৰিচালক বাণী দাসে।সভাত ভাষন প্ৰদান কৰি আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে-‘গুণমহন্তৰ ব্যক্তিত্ব উচ্চ পৰ্যায়ৰ। সেয়ে তেওঁ সৰ্বজন সমাদৃত। এনে ব্যক্তি বিৰল।’

সভাখনত সাংবাদিক মুকুল দাস,অজয় মাহাতু,কবি লক্ষেশ্বৰ শৰ্মা,বিশিষ্ট সমাজকৰ্মী অনুপ বৰুৱা,সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি পৰিণীতা হাজৰিকা আৰু সম্পাদক মাইনু খনিকৰ,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত উপস্থিত থাকি বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী গুণ মহন্তৰ স্মৃতিচাৰণ কৰে। এই অনুষ্ঠানতে লখিমী মহন্ত, মিচিমি মহন্তৰ পৰিচালনাত আৰু ৰক্তিম সুৰুয মহন্তৰ চিত্ৰ নাট্যৰে ‘কৃষ্ণ লীলা’ শীৰ্ষক নৃত্য নাটিকা প্ৰদৰ্শন কৰে পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ ছাত্র-ছাত্রী সকলে। উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ পৰা অভিনেতা গুণ মহন্তৰ সোঁৱৰণত আগবঢ়াই অহা হৈছে।অনুষ্ঠানৰ শলাগৰ শৰাই জনায় অঞ্জলী মহন্তই।

Leave A Reply