Breaking

পুনৰ আৰম্ভ হ’ব আহতগুৰিৰ মহযুজঁ,কেবিনেটৰ সিদ্ধান্ত…

0 42

আজি দিছপুৰৰ জনতা ভৱনত আয়োজিত ৰাজ্যিক কেবিনেটৰ বৈঠকত তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে আহতগুৰিৰ মহযুজঁ আকৌ আৰম্ভ কৰা হব । পৰম্পৰাগতভাৱে চলি অহা মহযুজঁ নতুন পৰামৰ্শাৱলীৰ আধাৰত পুনৰ আৰম্ভ হ’ব। কেবিনেটে লগতে ৰাজ্যৰ ২১৯৭ খন গাঁও পঞ্চায়ত আৰু ৪০০ টা জিএমচি ৱাৰ্ডত ডিজিটেল লাইবেৰী স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰতিখন পঞ্চায়তত ডিজিটেল লাইবেৰী স্থাপনৰ বাবে অসম কেবিনেটে মুকলি কৰিলে ২৬৯ কোটি টকা। চৰৰ খিলঞ্জীয়া মুছলমান সকলৰ বাবে নতুন সঞ্চালকালয় গঠনৰো সিদ্ধান্ত লোৱা হয় । খিলঞ্জীয়া মুছলমান সকলৰ জিলা ভিত্তিক তথ্য সংগ্ৰহ কৰা হব।। যাৰ বাবে নতুনকৈ সংখ্যালঘু সঞ্চালকালয় গঠন কৰা হ’ব। আহতগুৰিৰ মহযুজঁ পাতিবলৈ অসম চৰকাৰে অনুমতি অচিৰেই প্ৰকাশ পাব নতুন SOP।

ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰা মহযুজঁ নিৰ্দিষ্ট sop ৰ মাজেৰে অনুষ্ঠিত কৰি পৰম্পৰা ৰক্ষা কৰা হ’ব ।

গৰীয়া মৰিয়া চৈয়দ জোলহা দেশী আদি জনগোষ্ঠীৰ বাবে হ’ব সমীক্ষা।

তেওঁলোকক বহুতে অনুপ্ৰৱেশকাৰীৰ সৈতে একাকাৰ কৰি থকা বাবেই তেওঁলোকে নিজৰ সমীক্ষা হোৱাটো বিচাৰিছিল।

Leave A Reply