Breaking

১৪৪ ঘণ্টা ধৰি জীৱনৰ যুঁজ অব্যাহত, প্ৰশ্ন কেতিয়া সুৰংগৰ পৰা ওলাই আহিব শ্ৰমিকসকল…

0 121

উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলে বিগত ৭ দিন ধৰি প্ৰাণ ৰক্ষাৰ যুঁজ দি আহিছে। অৱশ্যে তেওঁলোকক সুৰক্ষিতভাৱে বচাবলৈ প্ৰশাসনেও দিনে নিশাই কাম কৰি আছে। কিন্তু এতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই যে কেতিয়া ওলাই আহিব শ্ৰমিক সকল। উত্তৰকাশীৰ ছিল্ক্যৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ অভিযান চলি আছে। সুৰংগটোত ড্ৰিলিঙৰ কাম যুদ্ধৰ ভিত্তিত চলি আছে। এই পৰ্যন্ত ড্ৰিলিঙৰ সহায়ত ২৫ মিটাৰতকৈ অধিক পাইপ স্থাপন কৰা হৈছে। এফালে সুৰংগৰ ভিতৰত পাইপ লগোৱাৰ কাম চলি আছে, আনফালে উদ্ধাৰৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে এছডিআৰএফ, এনডিআৰএফ, অগ্নিনিৰ্বাপক সেৱা, চিকিৎসা সেৱা আৰু আৰক্ষীয়ে একেলগে ম’ক ড্ৰিল অনুষ্ঠিত কৰে।

  • উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ সুৰক্ষাৰ বাবে অব্যাহত প্ৰাৰ্থনা। যোৱা ৭ দিন আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। কাশী বিশ্বনাথ মন্দিৰত বহু ধৰ্মীয় সংগঠনে পূজা-অৰ্চনা কৰি আছে। সুৰংগটোত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ পৰা আগতীয়াকৈ আৰু নিৰাপদে ওলাই অহাৰ বাবে মাতৃ গংগা আৰু বাবা ভোলেনাথক প্ৰাৰ্থনা কৰা হৈছে।

  • উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়েও সুৰংগটোত চলি থকা উদ্ধাৰ অভিযানৰ ওপৰত ধাৰাবাহিকভাৱে চকু ৰাখিছে। একে সময়তে ঝাৰখণ্ডৰ পৰা ১৫ জন শ্ৰমিকক বচাবলৈ ঝাৰখণ্ড চৰকাৰেও সেই স্থানলৈ বিষয়াৰ এটা দল প্ৰেৰণ কৰিছে। উদ্ধাৰ অভিযানৰ মাজতে শীঘ্ৰে ভাল খবৰ পোৱা যাব বুলি আশা কৰা হৈছে।

আজি উত্তৰকাশীত উদ্ধাৰ অভিযানৰ সপ্তম দিন। উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে ৯৮ জন কৰ্মচাৰী।

Leave A Reply