৬০ দিনৰ ভিতৰত বিচিচিআইয়ে আইপিএলৰ ১৬ সংখ্যক ছিজন সমাপ্ত কৰিব লাগিব, কিয় জানেনে?

আইপিএল ২০২৩ক লৈ ক্ৰিকেটপ্ৰেমীসকল অতিশয় উৎসাহিত । মিনি নিলামৰ পিছত অনুৰাগীৰ উৎসাহ বাঢ়িছে। কিন্তু এতিয়া অনুৰাগীৰ বাবে চৰ্চালৈ আহিছে এটা বেয়া খবৰ। কোৱা হৈছে যে এইবাৰ আই পি এলৰ দিন হ্ৰাস হোৱাটো নিশ্চিত। ইয়াৰ মূল কাৰণ হ’ল ৭ জুনৰ পৰা লৰ্ডছত আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইবাৰ আই পি এলৰ ১৬ সংখ্যক ছিজন হ’ব ৭৪ দিনৰ পৰিৱৰ্তে ৬০ দিনৰ। অৱশ্যে লীগৰ তাৰিখ এতিয়াও বিচিচিআইয়ে প্ৰকাশ কৰা নাই। কিন্তু যদি বাতৰিবোৰ বিশ্বাস কৰিব লাগে তেন্তে এইবাৰ আই পি এল ১ এপ্ৰিলৰ পৰা ৩১ মে’লৈহে খেলা হ’ব। মাৰ্চ মাহত অনুষ্ঠিত হ’ব মহিলাৰ আই পি এল। ইয়াৰ পিছত বিচিচিআইৰ সৈতে মাত্ৰ ৬০ দিনৰ উইণ্ড’ উপলব্ধ হ’ব। এতিয়া এই সন্দৰ্ভত বিচিচিআইয়ে কি সিদ্ধান্ত লয় চাব ​​লাগিব। বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

আইচিচিৰ নিয়ম অনুসৰি কোনো ধৰণৰ আইচিচি প্ৰতিযোগিতাৰ সাত দিন আগতে আৰু পিছত কোনো ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিব নোৱাৰিব। এনে পৰিস্থিতিত ৭ জুনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলখনে আই পি এলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বি চি চি আইৰ মহিলাৰ আই পি এল (যি এইবাৰ প্ৰথমবাৰৰ বাবে হ’ব) আৰু আই পি এলৰ বাবে মুঠ ৩ মাহৰ উইণ্ডো আছে। এতিয়া সকলোৰে দৃষ্টি আই পি এলৰ তাৰিখবোৰত নিবদ্ধ হৈ থাকিব।

এইবাৰৰ আই পি এলৰ মিনি নিলামত সৃষ্টি হ’ল এক নতুন ইতিহাস। এই নিলামত আই পি এলত বিক্ৰী হোৱা আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ছেম কাৰাণ। ১৮.৫ কোটি টকাৰ মূল্য দি পঞ্জাব কিংছে তেওঁক নিজৰ দলৰ অংশ হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পূৰ্বেও কাৰানে আই পি এলত পঞ্জাৱৰ হৈ খেলিছিল।

Related Articles