জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। চলিত বৰ্ষৰ জুলাই মাহত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা। জামনগৰত আয়োজন কৰা হৈছিল এই দুগৰাকী তাৰকাৰ প্ৰি-ৱেডিং অনুষ্ঠান। য’ত সমগ্ৰ বিশ্বৰ বিখ্যাত ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল। এতিয়া শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ ফেন পেজত দাবী কৰা হৈছে যে ৰাধিকা আৰু অনন্ত আম্বানীয়ে লণ্ডনৰ ষ্টক পাৰ্ক এষ্টেটতো ব্যক্তিগত প্ৰি-ৱেডিং পাৰ্টি অনুষ্ঠিত কৰিছিল। য’ত পাকিস্তানী গায়ক আতিফ আছলামে কণ্ঠদান কৰে। কেৱল এয়াই নহয়, গায়িকাগৰাকীৰ পত্নী ছাৰাৰ সৌন্দৰ্য্যত এই পাৰ্টিৰ সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰিল।

ৰাধিকা আৰু অনন্তৰ পাৰ্টিত লাইভ কনচাৰ্টৰ সময়ত আতিফ আছলামে আলোড়নৰ সৃষ্টি কৰা বুলি দাবী কৰা হৈছে। গায়ক গৰাকীয়েও এই অনুষ্ঠানৰ কিছু ফটো শ্বেয়াৰ কৰিছে যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে তেওঁৰ পত্নী ছাৰাক আতিফৰ জেকেটৰ সৈতে মিল থকা সোণালী আৰু ক্ৰীম ৰঙৰ দীঘল বডিকন জিলিকি থকা পোছাক পিন্ধা দেখা গৈছিল।সকলোৱে ছাৰাৰ সৌন্দৰ্য্যক প্ৰশংসা কৰিছে।

Related Articles