সমাগত বিধান সভা নিৰ্বাচন । তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনীতি দল সংগঠন সমুহৰ । নিজৰ নিজৰ ৰাজনৈতিক ভেটি সৱল কৰিবলৈ ইখনৰ পাছত সিখন সভা সমিতি আয়োজন কৰিছে ৰাজনীতি দল সমুহে। সমান্তৰালকৈ বিশ্বনাথ জিলাতো ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক ভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে।
সোমবাৰে ২০২১ ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টি, বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন আয়োজন কৰে । য’ত উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । মন্ত্ৰী ৰঞ্জিত দত্তই সভাত অংশগ্রহণ কৰি পৃষ্ঠা প্ৰমুখ সকলৰ সৈতে মত বিনিময় কৰি আগন্তুক বিধান সভা নিৰ্বাচনত কি দৰে বিহালী সমষ্টি বিজেপিৰ দখলত ৰাখিব পাৰি তাৰ ওপৰত ৰণ কৌশল প্ৰস্তুত কৰাৰ লগতে দলীয় কৰ্মী সকলে ৰাইজৰ মাজত গৈ বিজেপিয়ে যোৱা ৪ বছৰ কৰা উন্নয়ন মূলক কাম সমুহ দাঙি ধৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত দত্তই ।
ইফালে সন্মিলনত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি বহু কেইজন বিজেপি কৰ্মী।

