Breaking

যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়

0 2,064


যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সভাপতি অসীম গগৈয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ড° মৃদুল গগৈয়ে স্মৃতি তৰ্পণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ ২০২১-২০২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহকে কাৰ্যভাৰ গ্রহণ কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নবনির্বাচিত সভাপতি ড° মৃদুল গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক এন এছ যাদৱ, পঞ্জীয়ক জিতেন হাজৰিকা, যুটীয়া শৈক্ষিক পঞ্জীয়ক ড° বিনোদ বড়া, জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক ৰুহিণী বুঢ়াগোহাঁই। সভাখনৰ আঁত ধৰে নবনির্বাচিত সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে। উক্ত অনুষ্ঠানতে বৃক্ষৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ জড়িয়তে ড° মৃদুল গগৈক সভাপতি, উৎপল গগৈ আৰু মৃদুল গগৈক উপ-সভাপতি, জয়ন্ত কুমাৰ গগৈক সাধাৰণ সম্পাদক, বিশ্বজিৎ গগৈ আৰু উত্তম দত্তক সহকাৰী সম্পাদক, জয়দ্বীপ মজুমদাৰক সাংগঠনিক সম্পাদক, লিমা কোঁৱৰক আলোচনী সম্পাদক, জিতুল দেউৰীক সাংস্কৃতিক সম্পাদক, অমৃত ঠাকুৰীয়াক ক্ৰীড়া সম্পাদক আৰু বেদব্ৰত বৰুৱাক কোষাধ্যক্ষ হিচাবে নিৰ্বাচিত কৰাৰ লগতে ত্ৰিদিব ডেকা বৰুৱা, ধ্ৰুৱজ্যোতি গগৈ, হিৰণ্য শইকীয়া, কস্তুৰি শৰ্মা, আৰাধনা বুঢ়াগোহাঁই, ৰূপম কৌশিক শৰ্মা, নিৰোদ গগৈ, প্ৰদীপ শৰ্মা আৰু হিৰুমণি কলিতাক কাৰ্যনিৰ্বাহৰূপে মনোনীত কৰে।

Leave A Reply