Breaking

বিজেপি,এজিপি আৰু ইউ পি পি এল দলৰ চৰকাৰৰ এবছৰ সম্পূৰ্ন হোৱা বাবে বাক্সাৰ গোলাগাঁও ভিচিডিচি কাৰ্যালয়ত মংগলবাৰে সন্ধিয়া বৰ্ষপুৰ্তি অনুষ্ঠান ৰূপায়ণ কৰে

0 1,053

ৰাজ্যত বিজেপি , এজিপি আৰু ইউ পি পি এল দলৰ চৰকাৰৰ এবছৰ সম্পূৰ্ন হোৱা বাবে বাক্সাৰ গোলাগাঁৱ ভিচিদিচি কাৰ্যালয়ত কালি সন্ধিয়া বৰ্ষপুৰ্তি অনুষ্ঠান ৰূপায়ণ কৰে।গোলাগাঁও প্ৰাইমাৰী ইউ পি পি এল দলৰ উদ্যোগত কালি সন্ধিয়া ভিচিদিচি কাৰ্যালয়ত দলৰ কৰ্মীসকলে মমবাতি জ্বলাই বৰ্যপুৰ্তিৰ আনন্দ উৎসৱ পালন কৰে।দলৰ কৰ্মীসকলে বিজেপি লং লিভ , এ জি পি লং লিভ , ইউ পি পি এল লং লিভ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।এই অনুষ্ঠানত দলৰ গোলাগাঁৱ ভিচিদিচিৰ অধ্যক্ষ এন্টনি হাজোৱাৰী, গোলাগাঁৱ প্ৰাইমাৰী সমিতিৰ সভাপতি আদিৰাম বড়ো,সম্পাদক অমৰ বসুমতাৰীৰ নেতৃত্বত এই বৰ্যপুৰ্তিৰ কাৰ্যসূচী ৰূপায়িত হয়।

তেওঁলোকে কয় যে মিত্ৰজোটৰ নেতৃত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবে সফলতাৰে এবছৰ পূৰ্ন কৰিলে ৷ মিত্ৰজোটৰ এই চৰকাৰকলৈ তেওঁলোক যথেষ্ট আশাবাদী।বিটিচিতো প্ৰমোদ বড়োৰ নেতৃত্বত পাঁচ বছৰ সুকলমে ইউ পি পি এল দলে চৰকাৰ চলাব পাৰিব বুলি কৰ্মকৰ্তাসকলে দাবী কৰে

Leave A Reply