Breaking

টিংখাঙত উদ্ধাৰ দুটা নাহৰফুটুকীৰ মৃতদেহ

0 122

ডিব্ৰুগড়ৰ জিলাৰ চহৰ অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চললৈ প্ৰতিদিনে বাঘে আতংক সৃষ্টি কৰি অহাৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। জিলাখনৰ প্রায়সমূহ অঞ্চলতে বাঘে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে মানুহকো আক্ৰমণ কৰাৰ ফলত আতংকিত হৈছে স্থানীয় লোকসকল৷

ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙত বিগত দুটা দিনত ৰহস্যজনকভাৱে দুটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বৃহস্পতিবাৰে টিংখাঙৰ তিনিআলি চাহ বাগিচাত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাগিচাত কাম কৰি থকা সময়তে এজন শ্রমিকে বাঘৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷

বন বিভাগে খবৰ লাভ কৰাৰ পাছতেই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰে। উল্লেখযোগ্য যে বুধবাৰৰ দিনটোতো একেখন বাগিচাতে অন্য এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল বাঘৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও দুটা দিনৰ ভিতৰতে দুটাকৈ নাহৰফুটুকী বাঘৰ মৃত্যুৰ ঘটনাই সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বুধবাৰে উদ্ধাৰ হোৱা মৃত বাঘটোৰ মৃতদেহ বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে যদিও এই মুহূৰ্তলৈকে বাঘ দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই বন বিভাগে। বন বিভাগে অনুমান কৰা অনুসৰি খাদ্যৰ সন্ধানত ওলাই অহা বাঘ দুটাই কাজিয়াত লিপ্ত হৈ আহত হোৱাৰ ফলতেই মৃত্যুক সাৱটি লয়।

Leave A Reply