নগৰবেৰাৰ টুপামাৰীত প্ৰধান মন্ত্ৰী জল জীৱন মিছন আঁচনি শেহতীয়াকৈ ব্যৰ্থ হোৱা পৰিলক্ষিত…

কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে কোটি কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিছে যদিও গ্ৰাম্যঞ্চলৰত তাৰ ওলোটা ৰূপটোহে দেখিবলৈ পোৱা গৈছে। যি সময়ত চৰকাৰে প্ৰতিঘৰৰ প্ৰতিজন সদস্যৰ বাবে প্ৰতিদিন ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, ঠিক তেনে সময়তে কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰীত বিশুদ্ধ খোৱা পানী যোগান আঁচনি কেন্দ্ৰই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূটোহে উদঙাইছে।

টুপামাৰীত প্ৰধান মন্ত্ৰী জল জীৱন মিছন আঁচনি শেহতীয়াকৈ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য মতে টুপামাৰী অঞ্চলৰ প্ৰতিঘৰ লোকক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে টুপামাৰী পানী যোগান আঁচনিৰ নামত চৰকাৰীভাৱে লাখ লাখ টকা ব্যয় কৰিলে যদিও আজিলৈকে যোগান ধৰিব নোৱাৰিলে বিশুদ্ধ খোৱা পানী। পানী যোগান কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ ১১ মাহ উকলি গ’ল যদিও আজিলৈকে পানী যোগান আঁচনি কেন্দ্ৰটোৰ পৰা ৰাইজে লাভ নকৰিলে এটোপাল বিশুদ্ধ খোৱা পানী। চৰকাৰৰ জলজীৱন আচঁনি উঠিছে ধোঁৱাচাঙত, মাহৰ পিছত মাহ বাগৰিল আঁচনি সম্পূৰ্ণ হোৱা স্বত্বেও টেপেৰে নোলায় পানী, পদূলিয়ে পদূলিয়ে দৃষ্টিকটু ভাবে থিয় হৈ থকা পানীৰ টেপৰ পোষ্টবোৰ এতিয়া ব্যৱহাৰ হৈছে গৰু বন্ধা খুটি হিচাপেহে।

বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বুলি অঞ্চলবাসীয়ে গুৰুতৰ অভিযোগ কৰিছে। মুঠতে বহু গ্ৰামাঞ্চলত পানী যোগান আঁচনিৰ নামত চলিছে ভেল্কিবাজি। জলজীৱন আচঁনি আজি যেন ঠায়ে ঠায়ে চৰকাৰী ধন অপচয়ৰ কেন্দ্ৰস্থল হৈ পৰিছে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ তদন্তৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মীয়াকৈ টুপামাৰী অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰা সেৱা হব লাখ-কোটি টকীয়া প্ৰশ্ন।

Related Articles