Breaking

শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত সদৰ কাজী আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ অভিনন্দন ‘স্বৰাট’ গ্ৰন্থ উন্মোচন

0 39

উজনি অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ইছলামিক বিজ্ঞ পণ্ডিত, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিৱসাগৰ সদৰ কাজী, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ কৃতি আৰু কৰ্মক সামৰি প্ৰস্তুত কৰি উলিওৱা এখনি অভিনন্দন গ্ৰন্থ দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰত উন্মোচন কৰা হয়। ৮৪ বছৰত ভৰি দিয়া এইগৰাকী বৰ্ষীয়ান শিক্ষাবিদৰ জীৱন আৰু কৰ্মক সামৰি প্ৰস্তুত কৰা অভিনন্দন গ্ৰন্থখনি আজি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত উন্মোচন কৰে অৱসৰপ্ৰাপ্ত উজনি অসম আয়ুক্ত ইফটিকাৰ হুছেইনে।

স্বৰাট নামৰ প্ৰায় আঢ়ৈশ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰি হুছেইনে কবীৰ চাহাবক গোড়ামিৰ পৰা আঁতৰত অৱস্থান কৰা এগৰাকী মানৱতাবাদী ধাৰ্মিক পুৰুষ বুলি অভিহিত কৰে। কবীৰ চাহাবৰ একালৰ সহকৰ্মী, বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, গড়গাঁও কলেজৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই ভাষণ প্ৰসংগত কয়–চৈয়দ আহমদ কবীৰ চাহাব এজন নৈষ্ঠীক মুছলমান ব্যক্তি। ইছলামিক ধৰ্ম চৰ্চাৰ মাজেৰে তেওঁ মানৱতাবাদৰ অধ্যয়ন কৰিছিল আৰু সেই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাত সফল হৈছিল। ডঃ মহন্তই কবীৰ চাহাবক এগৰাকী শিক্ষাৰ্থী হিতৈষী, অধ্যয়ন পুষ্ট, ছাত্ৰকেন্দ্ৰিক শিক্ষক আছিল বুলি অভিহিত কৰে।

নৱনীত হাজৰিকাই আঁত ধৰা, চেভি আখতাৰে বৰগীত আৰু অলকা কলা সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰৰ শিল্পীসকলে জিকিৰ পৰিবেশন কৰা অনুষ্ঠানটিত কবীৰ চাহাবৰ জীৱন কৰ্ম সামৰি এখনি তথ্য চিত্ৰও প্ৰদৰ্শন কৰা হয়। তথ্যচিত্ৰ খনি মুকলি কৰে বিশিষ্ট সাহিত্যিক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা চৈয়দ আনিচুৰ ৰহমান আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত অভিযন্তা চৈয়দ আহমেদ চাগীৰে। অনুষ্ঠানত পৰিয়ালবৰ্গৰ তৰফৰ পৰা ‘স্বৰাট’ ৰ সম্পাদক চাদিকুৰ ৰহমান আৰু নজিউল্লা হাজৰিকাৰ লগতে সম্পাদনা সমিতিৰ সদস্য সকল আৰু তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে জড়িত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰা হয়।

উল্লেখ্য যে, ১৯৪০ চনৰ ২৬ আগষ্টত যোৰহাট কাকজানৰ দেৱান ভৰলুৱা গাঁৱত জন্মগ্ৰহণ কৰা আহমদ কবীৰে ধাইআলি ২ নং ল’ৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু শিৱসাগৰ হাইমাদ্ৰাছাত ষষ্ঠ শ্ৰেণীলৈকে পঢ়াৰ পিছত পৰৱৰ্তী সময়ত উত্তৰপ্ৰদেশৰ দেওবন্দ মাদ্ৰাছাত ৭ টা বছৰ পঢ়ি ফজিল -এ -দেওবন্দ হৈ ঘৰলৈ উভতি আহে। শিৱসাগৰ হাইমাদ্ৰাছাত ১৯৬৪ পৰা ১৯৬৭ চনলৈ আৰবী শিক্ষক হিচাপে কৰ্মৰত আছিল যদিও সেই বৰ্ষতে পিতৃৰ বিয়োগ হোৱাত পিছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থায়ীভাৱে আৰবী শিক্ষক পদত যোগদান কৰি ১৯৯৯ চনত উক্ত বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে।

প্ৰায় তিনিটা দশক ধৰি শিক্ষকতা বৃত্তিৰ লগত জড়িত হোৱাৰ সমান্তৰালকৈ শিৱসাগৰ সদৰ কাজীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি প্ৰায় ৫৫ টা বছৰ সেৱা আগবঢ়াই চলিত বৰ্ষত স্বাস্থ্যজনিত কাৰণত তেখেতে উক্ত দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে। সদৰ কাজী হিচাপে কাৰ্যনিৰ্বাহ কৰা সুদীৰ্ঘ সময়চোৱাত তেখেতে প্ৰায় পাঁচ হাজাৰৰো অধিক বিবাহ কাৰ্য সম্পাদন কৰিছিল। বহু অনুষ্ঠানৰ সৈতে সক্রিয়ভাবে জড়িত থকা আহমদ কবীৰে প্রায় শতাধিক ধর্মীয় তত্ত্বগধূৰ লিখনি প্রকাশ কৰাৰ লগতে তেখেতে ৰচনা কৰি উলিয়াইছে— ইছলামী জীৱন (প্রথম, দ্বিতীয়, তৃতীয় খণ্ড), কোৰাণ শ্বৰীফৰ চুৰা য়াচিনৰ তৰ্জমা আৰু চমু তফচীৰ, ত্বাহাৰত, হজ আৰু জিয়াৰত, মেহমানে হৰম, ঈমান আদি গ্রন্থ। এইগৰাকী অৱসৰপ্ৰাপ্ত সদৰ কাজী,বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ জীৱন আৰু কৰ্মক সামৰি পৰিয়ালবৰ্গৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰা আজিৰ অনুষ্ঠানতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠান সমূহ আছিল ক্ৰমে খগেন্দ্ৰনাথ ভূঞা, মণিকা শইকীয়া, চৈয়দ হাইদৰ হুছেইন, চাইৰা ইছলাম বড়া, নাজিমুদ্দিন আহমেদ, অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি, শিৱসাগৰ দ্বীনি মাদ্ৰাছা, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা বার্তাজীৱী সংঘ, শিৱসাগৰ প্ৰগ্ৰেচিভ একাডেমী, শিৱসাগৰ হাই মাদ্ৰাছা পৰিয়াল, ধাই আলি ল’ৰা প্ৰাথমিক বিদ্যালয়, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, ধাই আলি ছোৱালী প্ৰাথমিক বিদ্যালয়, বাঘ হাজৰিকা জাগৰণ মঞ্চ, সুৰ জাগৃতি মঞ্চ, আমগুৰি বৰ মছজিদ পৰিচালনা সমিতি, আমগুৰি গাঁও যুৱ জামাত, মাদ্ৰাতাছতুল বানাত, উজনি অসম মুছলিম কল্যাণ পৰিষদ, ইউ টিউব চেনেল অভিযান.. the mission, বয়তুল মাল পৰিচালনা সমিতি, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, ৰংঘৰ চাৰি আলি মছজিদ জামাত, ৰংঘৰ চাৰি আলি যুৱ জামাত, ন- মছজিদ পৰিচালনা সমিতি, বেপাৰীপট্ৰী মছজিদ পৰিচালনা সমিতি, বাৰেঘৰীয়া মছজিদ পৰিচালনা সমিতি, হাতীখোক ক্ৰীড়া সন্থা, শিৱসাগৰ লেখিকা সমাৰোহৰ পৰা জ্বলিআৰা বেগম,ৰংঘৰ চাৰি আলি গাঁওৰক্ষী বাহিনী, তৰুণসংঘ ৰিডিং ক্লাব, শিৱসাগৰ লাঠি স্পৰ্টছ এছচিয়েচন, জয়সাগৰ গাওঁৰক্ষী বাহিনী, অৰুণোদয় শাখা সাহিত্য সভা, অনূভূতি এন জি অ, নৱউদিত সমাজ, ড: ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতি, খিলঞ্জীয়া মুছলমান সাহিত্য চৰ্চা মঞ্চ,অৱসৰপ্ৰাপ্ত শিক্ষক নাজিমুদ্দিন আহমদ, বাবুপট্ৰী মছজিদ পৰিচালনা সমিতি,শিৱসাগৰ হজ কমিটি, প্ৰয়াত ইছমাইল আলিৰ পৰিয়ালবৰ্গ আদি। অনুষ্ঠানৰ শেষত পৰিয়ালবৰ্গৰ শলাগৰ গুৱাপান আগবঢ়াই চৈয়দ মহম্মদ বাকিৰে।

Leave A Reply