Breaking

অন্ধকাৰৰ মাজতো জীৱনৰ চন্দ্ৰ বিচাৰি পোৱা জন্মান্ধ শিল্পী গৰাকী

0 1,661

দাইটিৰ দুচকুৰ সন্মুখত কেৱল নিৰন্ধ্ৰ অন্ধকাৰ ৷ সন্মুখত নাই ৰামধেনুৰ সাতোৰঙৰ খেলা অথৱা বিস্তীৰ্ণ পথাৰৰ সেউজীয়া মনোমোহা দৃশ্য ৷ নাই ডাৱৰৰ আৰে আৰে কৰা জোনবাইৰ লুকাভাকু অথৱা সুৰুযৰ চকু ছাট মাৰি ধৰা পোহৰ ৷ মানুহজনে কেৱল মাথো অনুভৱ কৰিব পাৰে জীৱনৰ অনুভৱ,ৰামধেনুৰ সাতোৰঙৰ অনুভৱ,পাৰে মাথো পৰমপিতা পৰমেশ্বৰৰ চৰণত নিজকে বিলিন কৰি দিয়াৰ অনুভৱ ৷ সেয়ে তেওঁৰ কণ্ঠৰ পৰা অনৰ্গল নিগৰি ওলাই ভাগৱতৰ পদ ৷ তেওঁ লগতে সলসলীয়াকৈ গাই যাব পাৰে ভাগৱতৰ প্ৰতিটো স্কন্ধ,বিভিন্ন টোকাৰী গীত,লোকগীত,বৰগীত আদি ৷ সময়ে সময়ে শুকুলা দাড়িৰে মুখমণ্ডল আৱৰা ক্ষীণকায় দাইটিৰ কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈ ভিন্ন প্ৰান্তৰ পৰা শ্ৰুোতা আহে তেওঁৰ কাষলৈ বিভিন্ন লোকগীত,বৰগীত,টোকাৰী গীত শুনিবলৈ ৷ তাৰ মাজতে কোনোবে তেওঁক অনুৰোধ কৰে “দাইটি”_ৰামেশ্বৰ পাঠকৰ সেই লোকগীতটো গোৱাচোন ৷ লগে-লগে তেওঁ অলপো পলম নকৰি অলপো খোকোজা নলগাকৈ লোকগীতটো গাই শুনাই শ্ৰুোতা সকলক ৷ শুনোতা সকলেও তবধ মানে ইমান প্ৰখৰ স্মৃতিশক্তি তেওঁৰ ৷ মৰমতে সকলো শ্ৰুোতাই দাইটিক দহ-বিশ-ত্ৰিশ টকা দি যায় আৰু সেয়াই তেওঁৰ জীয়াই থকাৰ একমাত্ৰ সম্বল ৷ হয় কবলৈ লোবা হৈছে সেই দাইটিৰ কথাকে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ লগত নিবিড় ভাবে জড়িত সকলোৰে পৰিচিত এগৰাকী দিব্যাঙ্গ লোকগীতৰ শিল্পী। গোলাঘাট জিলাৰ জামুগুৰিৰ গাঁৱত জন্ম গ্ৰহণ কৰি পৰবৰ্তী সময়ত বটদ্ৰৱা থানেই একমাত্ৰ পৰিচয় হৈ পৰা গোপাল দেৱ কাকতি নামৰ এই লোকগীতৰ শিল্পী গৰাকীৰ কথা ৷ বৰ্তমান ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্রী সকলৰ দান বৰঙণি হৈছে তেওঁৰ জীবিকা নিৰ্বাহৰ মূল সম্বল। সুদীৰ্ঘ প্ৰায় ২২ বছৰ ধৰি বটদ্ৰৱা থানৰ মূল থানলৈ যোৱা পথৰ পৰা আকাশীগংগালৈ যোৱাৰ পথৰ সেই কেকুৰিটোত নিৰবে গায় গৈছে লোকগীতকে আদি কৰি গুৰুজনাৰ সৃষ্টিৰাজিৰ গীত মাত সমূহ । পথৰ দাঁতিত বহি  হাতত এখন দোতাৰা লৈ লোকগীত গাই থকা জন্মান্ধ দাইটি এতিয়া বৰদোৱা বাসীৰ লগতে আপোন হৈ পৰিছে দূৰ-দূৰনীৰ পৰা অহা তীৰ্থযাত্ৰীৰ লগতে পয্যৰ্তক সকলৰ ৷ জীৱনৰ তিনিকুৰি পাঁচটা বসন্ত গৰকা দাইটি অৰ্থাৎ গোপাল দেৱ কাকতি,যিজন লোকশিল্পীলৈ ২০১৩ বৰ্ষত নগাঁও নেহৰুৱালীত উদযাপিত হোবা বসন্ত উৎসৱত আগবঢ়োৱা হৈছিল “কলংপৰীয়া শিল্পী বঁটা” ৷ গোলাঘাট জিলাৰ জামগুৰিত জন্ম গ্ৰহণ কৰা দাইটিৰ শিল্পী জীৱনলৈ এয়াই প্ৰথম স্বীকৃতি ৷ মাত্ৰ সাত বছৰ বয়সতে খুড়াক হৰেণ বৰাৰ ওচৰত টোকাৰী গীত,লোকগীতৰ প্ৰশিক্ষণ লোবা দাইটিয়ে গোলাঘাটৰ গণকপুখুৰীৰ অজিত বৰাৰ ওচৰতো লোকগীত শিকিছিল ৷ আজিৰ পৰা প্ৰায় ২৫-২৬ বছৰমান আগতে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানলৈ তীৰ্থ ভ্ৰমণ কৰিৱলৈ বুলি আহি বৰদোৱাৰ বাপাৰাম বৰাৰ ঘৰত প্ৰথমে থাকিবলৈ লয় ৷ তেতিয়াৰ পৰাই দাইটিৰ স্থায়ী ঠিকনা বটদ্ৰৱা থানৰ আকাশীগংগা লৈ যোবা পথৰ সেই কেকুঁৰিটো ৷ স্মন্তব্য যে,১৯৮৫ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত দোতাৰা বজাবলৈ সুযোগ পোবা শিল্পীগৰাকীয়ে ২০০৯ বৰ্ষতো আকাশবাণী নগাঁও কেন্দ্ৰত টোকাৰী গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল ৷ সুযোগ আৰু সুবিধা পালে আৰু অধিক লোকগীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মনত এক প্ৰৱল হেপাহ পুহি ৰাখিছে দাইটিয়ে ৷ তাৰোপৰি কোনো অনুষ্ঠান বা ব্যক্তিয়ে কিবা উপলক্ষে লোকগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনালে তেওঁ সেই আমন্ত্ৰণ ৰক্ষা কৰে আৰু মাজে সময়ে মন গলে নিজৰ উপাৰ্জিত অৰ্থৰে বটদ্ৰৱা থানত বন্তি জ্বলাই নৈৱেদ্য আগবঢ়ায় ৷তেওঁৰ কণ্ঠৰে নিৰ্গত হোবা লোকগীত শুনি মন্ত্ৰমুগ্ধ হৈ তীৰ্থযাত্রী-পয্যৰ্তক সকলে যি দান বৰঙনি আগবঢ়াই সেয়াই হৈছে তেওঁৰ উপাৰ্জনৰ মূল সম্বল। কিন্তু বৰ্তমান দেশজুৰি অব্যাহত থকা লকডাউনে শিল্পী জনৰ জীৱনলৈ নমাই আনিছে ঘুৰ অমানিশা। প্ৰায় দুমাহৰো অধিক দিন ধৰি বটদ্ৰৱা থানত নাই কোনো এজন তীৰ্থযাত্রী, নাই এজনো দেশী-বিদেশী পৰ্যটক। বৰ্তমান যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিব লগিয়া হৈছে হাহাকাৰ পৰিস্থিতি ৷ সেয়ে শিল্পী গৰাকীৰ স্থানীয় বটদ্ৰৱা সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ লগতে চৰকাৰলৈ কৰযোৰে আহ্বান। যাতে, এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি তেওঁক যেন সহায় প্ৰদান কৰে । উল্লেখ্য যে, জীৱনৰ তিনিকুৰি পাঁচটা বসন্ত গৰকা শিল্পী গৰাকীয়ে বিগত প্ৰায় ২৩ বছৰ ধৰি বটদ্ৰৱা থানত সেই কেকুঁৰিটোত লোকগীত গাই জীৱন নিৰ্বাহ কৰা লোকগীতৰ শিল্পী গোপাল দেৱ কাকতিৰ কন্ঠক অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে প্ৰসংশা কৰা উপৰিও শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ এলবামত কন্ঠদান সৌভাগ্য হৈছিল দিব্যাঙ্গ শিল্পী গৰাকীৰ । দাইটিৰ মনত এক ইচ্ছা আছে অসমৰ সমাজ-জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা সম্পূৰ্ণ টোকাৰীগীতৰ এটি এলবামত নিজৰ কণ্ঠ দানেৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত মুকলি কৰা ৷ কিন্তু শিল্পী জনৰ মন থাকিলেও,ইচ্ছা থাকিলেও যে আগবাঢ়িব পৰা নাই ৷ হাতত নাই ধন-বিত ৷ লগতে কোনো ব্যক্তি-অনুষ্ঠান-প্ৰতিষ্ঠান এইক্ষেত্ৰত আগবাঢ়ি অহা নাই শিল্পী জনৰ কাষলৈ ৷ আশাকৰো তেওঁৰ এইযাত্ৰা অবিৰত হওঁক যি যাত্ৰাই পূৰণ কৰিব পাৰিব দাইটিৰ জীৱনৰ আধৰুৱা সপোন ৷ পৰিতাপৰ বিষয় এই যে,যি সময়ত ৰাজ্যৰ একাংশ তথাকথিত শিল্পী যি নিশাটোৰ ভিতৰতে শিল্পীৰ পৰিচয় দি,গ্লেমাৰৰ পিছত দৌৰি লাভ কৰি গৈছে ৰজাঘৰীয়া পৰা বিভিন্ন সা-সুবিধা ৷ লাভ কৰিছে নগদ ধনকে ধৰি আন আন বঁটা-সম্বৰ্দ্ধনা ৷ ঠিক তেনে সময়তে কিন্তু অসমৰ এই গৰাকী প্ৰচাৰ বিমুখ টোকাৰীগীত-লোকগীতৰ শিল্পীক বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰাৰ তৎপৰতাত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যাতে যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰি জীৱনৰ এই দূৰ্বিষহ তিনিকুৰি পাঁচটা বসন্ত গৰকা জন্মান্ধ শিল্পী গৰাকীক উপযুক্ত সন্মান প্ৰদান কৰে সেইলৈ সকলো সমাজ-সংস্কৃতি সচেতন লোকসকলে আহ্বান জনাইছে ৷

Leave A Reply