স্বগৃহ পালেহি লাডাখত মৃত্যুবৰণ হোৱা গৌতম ৰাজবংশী নশ্বৰ দেহ। সমগ্ৰ গোগামুখত শোকৰ ছাঁ। লক্ষীমপুৰৰ লীলা বাৰীত হেলিকপ্টাৰে অৱতৰণ কৰি ভাৰতীয় সেনাক চমজালে গৌতম ৰাজবংশীৰ নশ্বৰ দেহ। সৎকাৰৰ বাবে সকলো সাজু প্ৰশাসন তথা ভাৰতীয় সেনা। সামৰিক মৰ্যাদাৰে গৌতম ৰাজবংশীৰ শেষ কৃত্য সম্পন্ন হ’ব গোগামুখৰ কাৰপুনপুলিৰ বাসগৃহত। ইতিমধ্যে আৰক্ষী প্ৰশাসন পুৱাৰে পৰা সাজু হৈ আছে লগতে দল সংগঠনৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভীৰ কৰিছেহি।

গোগামুখত শেষ শ্ৰদ্ধাঞ্জলি জনালে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়। সাংসদ প্ৰদান বৰুৱাইয়ো জনালে শেষ শ্ৰদ্ধাঞ্জলি।উল্লেখ্য যে, বিগত ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত লাডাখত প্ৰশিক্ষণৰত অৱস্থাত ভয়ংকৰ হীমস্খলনত নিখোজ হৈ আছিল গৌতম ৰাজবংশী। অৱশেষত দহ মাহৰ অন্তত উদ্ধাৰ হ’ল ভাৰতীয় সেনা জোৱানজনৰ মৃতদেহ আজি গোগামুখত সামৰিক মৰ্যাদাৰে কৰা হ’ব শেষ কৃত্য।