Breaking

অসম চৰকাৰৰ বাজেটক ফাঁকিবাজ আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

0 25

অসম চৰকাৰে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক জনতাক আভুৱা ভৰা এখন দিশহীন বাজেট বুলি অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছে।

দলৰ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলত বাজেটখনক কেৱল কৰৰ ওপৰত নিৰ্ভৰশীল বাজেট বুলি মন্তব্য কৰি এই বাজেটে ৰাজ্যখনক উন্নয়নৰ কোনো বাট দেখুৱাবলৈ সক্ষম নহ’ব বুলি অভিযোগ কৰে।

বৰাই লগতে কয়, ”বাজেটৰ সৰ্বাধিক পুঁজি কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য দিশৰ পৰা লোৱা ঋণৰ পৰা জোৰা মৰাৰ কথা কৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে যে কোনো ধন সহজে নিদিয়ে সেয়া আমি সকলোৱে দেখিছো। বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনৰ পাছত অসমে বছৰি ৯ হাজাৰ কোটি টকা হেৰুৱাব লগাৰ কথা সকলোৰে অৱগত। বাজেটত নিবনুৱা সমস্যা সমাধানৰ কোনো কথা নাই। বাজেটখন এক চূড়ান্ত ফাঁকিবাজৰ বাহিৰে আন একো নহয়। আমি বাজেটখনক ধিক্কাৰ দিছো।” অসমত ঔদ্যোগিকৰণৰ ক্ষেত্ৰত বাজেটখনত কোনো দিশ অন্তৰ্ভুক্ত নোহোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে।

সংবাদমেলত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে দাখিল কৰা বাজেটখনক জনবিৰোধী বাজেট বুলি অভিহিত কৰি কঠোৰ সমালোচনা কৰে।

এসময়ত বাজেটখন দীঘলীয়া কৰা বুলি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰা ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই কি কৰিছে বুলি দিলীপ কুমাৰ শৰ্মাই প্ৰশ্ন উত্থাপন কৰে। আনহাতে নিজে শিক্ষামন্ত্ৰী হৈ থকা সময়ত কৰা নীতিসমূহ ৰূপায়ণ কৰাৰ বাবে কোনো পদক্ষেপ নল’লে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Leave A Reply