Breaking

তিনি প্ৰকাৰৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পথত কেন্দ্ৰ, দেশৰ ডিজিটেল জগতত মোডী চৰকাৰৰ চকু

0 66

অনলাইন গেমৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। নৰেন্দ্ৰ মোডীৰ চৰকাৰে তিনি ধৰণৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। বেটিং, মানুহৰ বাবে ক্ষতিকাৰক গেম আৰু নিচাৰ সম্ভাৱনা থকা গেম — মূলতঃ এই তিনিবিধ অনলাইন গেম সন্দৰ্ভত চৰকাৰে বিবেচনা কৰি আছে। সোমবাৰে এই কথা সদৰী কৰে তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।

প্ৰযুক্তিৰ বাবে অনলাইন গেমৰ জনপ্ৰিয়তা বাঢ়িছে। বহুতে অনলাইন গেমৰ প্ৰতি আসক্ত হৈ পৰিছে। আকৌ এনে খেলত অংশগ্ৰহণ কৰি বহু লোক প্ৰতাৰিত হৈছে। এনে পৰিস্থিতিত চৰকাৰে এইবাৰ অনলাইন গেমৰ জৰিয়তে ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোন ধৰণৰ অনলাইন গেমৰ পৰা ৰেহাই দিয়া হ’ব সেই সন্দৰ্ভত স্ব-নিয়ন্ত্ৰণকাৰী সংস্থা গঠন কৰা হ’ব। তেওঁ কয় যে অনলাইন গেমৰ সৈতে এইটোৱেই প্ৰথম এনে পদক্ষেপ।

অনলাইন গেমৰ সমান্তৰালকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰো চৰ্চা চলি আছে। যোৱা শুকুৰবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেটজিপিটিৰ উদ্ভাৱক অ’পেনএআইৰ নেতা ছেম অল্টমেনৰ সৈতে বৈঠকত মিলিত হয়।

সেই বৈঠকৰ অন্তত তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে কয় যে চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বিচাৰে। কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। দেশৰ ডিজিটেল জগতৰ নাগৰিক যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব।

Leave A Reply