Breaking

দেশবাসীক সাজু থকাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত পাকিস্তান যুদ্ধৰ দামামা !

0 54

আহি আছে জম্মু কাশ্মীৰ সংশোধনী বিল। এল অ’ চি পাৰ হোৱাৰ হুংকাৰ মন্ত্ৰ ৰাজনাথ সিঙৰ। ভাৰতৰ স্হিতিত পাকিস্তানত হাহাকাৰ। ভাৰত পাকিস্তানৰ মাজত পুনৰ যুদ্ধ হব নেকি। পাক অধিকৃত কাশ্মীৰৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ দূৰত্বত তিনিওটা সেনা বাহিনীৰ মুৰব্বীৰ সম্মুখত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হুংকাৰ আমি এল অ’ চি পাৰ হব পাৰো।

যিকোনো মূহুৰ্তত ভাৰতীয় সেনাই এল অ’ চি অতিক্ৰম কৰি পাকিস্তানে অবৈধ ভাবে দখল কৰি থকা কাশ্মীৰ ভাৰতৰ অংগ কৰাৰ প্ৰতিশ্ৰুতিয়ে কম্পমান কৰি তুলিছে পাকিস্তানক। মন্ত্ৰী সিঙৰ হুংকাৰৰ পিছতেই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ঘোষনা কৰি কয় যে ভাৰতে পাকিস্তানৰ সৈতে এতিয়াৰে পৰা মাত্ৰ পাক অধিকৃত কাশ্মীৰ সম্পৰ্কেহে আলোচনা কৰিব। তাৎপৰ্যপূৰ্ণ বিষয় যে কেন্দ্ৰই এইবাৰ সদনত আনিব জম্মু কাশ্মীৰ সংশোধনী বিল।

কেন্দ্ৰই ইতিমধ্যে ঘোষনা কৰি কৈছে যে পাক অধিকৃত কাশ্মীৰৰ জনতাক কাশ্মীৰৰ নাগৰিকৰ মৰ্যদা দিব। আনহাতে পাক অধিকৃত কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ নাগৰিকে পাকিস্তানৰ সৈতে চামিল নহবলৈ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি ৰাখিছে পি অ’কে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীক প্ৰত্যক্ষ ভাবে যুদ্ধৰ বাবে সাজু থাকিবলৈ জনোৱা আহ্বানে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভবনা প্ৰকট কৰি তোলা পৰিলক্ষিত হৈছে।

Leave A Reply