অসমৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি আজি হােজাই জিলাতাে হােজাই জিলা প্রশাসনৰ উদ্যোগত শংকৰদেৱ নগৰ স্থিত কাছাৰি ময়দানত অসম চৰকাৰৰ নৱৰূপত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যােজনাৰ ( স্বয়ম ) আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয়।
এই শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ পার্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্রী শ্ৰীযুত চুম ৰংহাং মুখ্য অতিথি হিচাবে উপস্থিত থাকি হােজাই জিলাৰ বাছনিকৃত বিভিন্ন আত্মসহায়ক গােটৰ ১২০০ গৰাকী হিতাধীকাৰিৰ মাজত অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা অনুমােদন পত্র বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ।
মন্ত্রী গৰাকীয়ে উপস্থিত যুৱক- যুৱতী সকলক উদেশ্যে ভাষণ প্রসংগত উল্লেখ কৰি কয় যে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্বশর্মাৰ একক প্রচেষ্টাৰ ফলত নৱৰূপত এই স্বয়ম আঁচনি গ্ৰহণ কৰা হৈছে ।
তেওঁ আৰু উল্লেখ কৰে যে , এই আঁচনিৰ উদেশ্য হল স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অর্থনীতিক সৱলীকৰণৰ লগতে যুৱক যুৱতী সকলে আর্থিক দিশত সবল আৰু অত্মনিৰ্ভৰশীল হৈ নিজৰ জীবিকাৰ লগতে আনৰাে নিয়ােগ সৃষ্টিৰ ক্ষেত্ৰত সবল ভূমিকা গ্রহণ কৰিব পাৰে।
এই অনুষ্ঠানত হােজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ , লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্রসংগত যুৱক – যুৱতী সকলে যাতে অসম চৰকাৰে আগবঢ়োৱা এই আর্থিক পুজিৰ সঠিক ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে দেশখনকো প্ৰগতিৰ পথত আগুৱাই লৈ যােৱাৰ লক্ষ্যৰে কাম কৰি যাবলৈ আহবান জনায়।
উক্ত অনুষ্ঠানত উপায়তু ডাঃ সদনেক সিং , আই.এ.এচ য়ে আঁচনিখনৰ বিষয়ে বহলাই আলােকপাত কৰে । এই অনুষ্ঠানত অতিৰিক্ত উপায়ক্তদ্বয় ক্রমে জয়ন্ত কুমাৰ বৰা , গৌৰী শংকৰ দাস , হােজাই জিলা পৰিষদৰ সভানেত্রী শ্রীমতী ৰমাবালা দেৱী আৰু বিশিষ্ঠ সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ হােজাই জিলাৰ সভাপতি অনুপ দে প্রমুখ্যে জিলাখনৰ বাছনিকৃত যুৱক – যুৱতী সকলৰ উপৰিও স্থানীয় সমাজ জীৱনৰ বিশিষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।
হােজাইত স্বয়ম আঁচনিৰ অধীনত বাছনিকৃত যুৱক-যুৱতী সকলৰ মাজত অনুমােদন পত্র প্রধান
