Breaking

অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা

0 95

আজি অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা তথা এক যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা।

দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালীকৰণত হাত-কামে লাগিবলৈ সকলোকে আন্তৰিক আহ্বান জনায় মন্ত্ৰী অতুল বৰাই ।আজিৰ সভাতেই কেইবাটাও ৰাজনৈতিক-অৰাজনৈতিক দলৰ প্ৰাক্তন বিষয়ববীয়া, যুৱ নেতা তথা বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত শতাধিক লোকে দলত যোগদান কৰে।

মন্ত্ৰী অতুল বৰাই সকলোকে জাতি তথা আঞ্চলিক স্বাৰ্থ সুৰক্ষিত ৰখাৰ হকে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায় আৰু সকলোকে আন্তৰিকতাৰে দললৈ স্বাগতম জনায়।

অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত উপ-সভাপতি, সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, সদস্য/সদস্যা আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে।

Leave A Reply