Breaking

ৰাছিয়াৰ মস্কোত জিলিকিল চতিয়াৰ সন্তান, আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক বিজয়ী মিংবীত চতিয়াত উষ্ম আদৰণি…

0 40

ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক বিজয়ী কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চতিয়া জিয়ৰি তথা ১০বছৰীয়া কন্যা মিংবী বৰফুকনক চতিয়াত উষ্ম আদৰণী জনোৱা হয়। সন্ধ্যা ৬বজাত চতিয়াত উপস্থিত হোৱাৰ পাছত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে গুণমুগ্ধ সকলে উশ্বু খেলুৱৈগৰাকীক আদৰি অনে। ইয়াৰ পিছতে চতিয়া নাট্য ভৱণত অনুষ্ঠিত হোৱা আদৰণী তথা সম্বৰ্ধনা সভাত বিধায়ক পদ্ম হাজৰিকাৰ লগতে চতিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে খেলুৱৈ গৰাকীক গামোছা, জাপি, শৰাইৰে উষ্ম আদৰণি জনায়।

নিজৰ জন্মভূমি চতিয়াবাসী ৰাইজৰ মৰম উচ্ছাস দেখি অভিভূত হৈ পৰা মিংবীয়ে তেওঁৰ প্ৰতি চতিয়াবাসী ৰাইজে দেখুৱা আন্তৰিকতাই তেওঁক অনাগত সময়ত নিজৰ খেলত আৰু অধিক আগবঢ়ি যোৱাত উচ্ছাস আৰু প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। উল্লেখ্য ২০২৩ বৰ্ষত চীনত অনুষ্ঠিত হোৱা এছিয়ান ছুনিয়ৰ উশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হোৱা মিংবী বৰফুকন হ’ল চতিয়াৰ গেৰেকী নিৱাসী ৰবাট ফুকন আৰু বৰ্ষা ফুকনৰ কন্যা।

Leave A Reply