Breaking

মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ

0 51

সোমবাৰে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক ঘৰৰ টিনপাত বিতৰণ কৰে ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনত সভাপতি নবজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত খাৰঘূলিৰ জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাৰ নেতৃত্বত অহা এটি দলক গামোচাৰে আদৰণি জনাই।

সভাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকি কয় যে সংশ্লিষ্ট নিৰ্মাণ প্ৰতিষ্ঠানে খাৰঘূলিৰ জয়পুৰ অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিলাসমুহক কেইটামান টকাৰে সাহাৰ্য্য প্ৰদান কৰিলে নহ’ব সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব। আনহাতে চৰকাৰেও ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপন দিব লাগিব বুলি দাবী কৰে।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ উপ সভানেত্ৰী ববিতা শৰ্মাই সভাত বক্তব্য প্ৰদান কৰি কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমুহক জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ নেতৃত্বত টিনপাত বিতৰণ কৰা কাৰ্য অতি প্ৰসংশনীয় আৰু পৰোপকাৰী। নবজ্যোতি তালুকদাৰৰ দৰে কংগ্ৰেছ দলত শক্তিশালী নেতাৰ পদক্ষেপত পৰবৰ্তী সময়তো কংগ্ৰেছ দলে এনে পদক্ষেপ লৈ ৰাইজৰ কাষত সদায়ে ঠিয় দিব।

আনহাতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰে কয় যে ক’ভিড কালত যিসকল গুৱাহাটীৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে চৰকাৰক সহায় কৰিছিল তেওঁলোকে এই দুৰ্ভগীয়া থলুৱা অসমীয়া পৰিয়ালসমুহকো এই সময়ত সহায় আগবঢ়াবলৈ আহ্বান জনাই। লগতে যিসকল লোকে সহায় আগবঢ়াব বিচাৰে তেওঁলোকে জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাক (8811079660) যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে।

কাৰণ তাত পৰিয়াল সমুহ অভাবনীয় পৰিবেশত পৰি আছে আনকি শিক্ষাৰ্থীৰ পঢ়া কিতাপ পৰ্যন্ত নাই। সভাৰ অন্তত জয়পুৰ উন্নয়ন সমিতিৰ সভাপতি পবিত্ৰ কলিতাৰ নেতৃত্বত অহা দলটিক প্ৰয়োজনীয় ২৫০ খন টিনপাত প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজীৱ ভৱনত বহুতো কংগ্ৰেছী নেতা কৰ্মী উপস্থিত থাকে।

Leave A Reply