Breaking

মৃত্যু নগৰীলৈ পৰ্যবসিত গুৱাহাটী মহানগৰ ! অন্ধকাৰৰ দিশে চাৰি নগৰ-চহৰ

0 103

ৰাজ্যৰ একমাত্ৰ মহানগৰ গুৱাহাটী ক্ৰমে পৰ্যবসিত হৈছে মৃত্যুণগৰীলৈ। ভয়ংকৰ ৰূপত প্ৰদূষণৰ কবলত পৰিছে গুৱাহাটী পৰ্যায় এনে হৈছে যে সময় থাকোতে সাবধানতা অবলম্বন নকৰিলে দুৰ্বিসহ হৈ পৰিব মানৱ জীৱন। ১৯ ডিচেম্বৰত লোকসভাত কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে দাঙি ধৰিছে এক ভয়ংকৰ তথ্য। তথ্যমতে আটাইতকৈ বেছি বায়ু প্ৰদূষণযুক্ত নগৰ সমূহৰ ভিতৰত আছে গুৱাহাটী মহানগৰ, নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰ। ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ভয়াবহ ৰূপত প্ৰদূষণ বৃদ্ধি হৈছে নগাঁও, নলবাৰী আৰু শিলচৰ জিলা।

ইয়াৰ বিপৰীতে ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত গুৱাহাটী আৰু শিৱসাগৰ প্ৰদূষন একেই আছে। কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ৰ অধীনত ” নেচনেল ক্লিন এয়াৰ প্ৰগেম-২০১৯” আৰম্ভ কৰা হৈছে। এই আচঁনিৰ অধীনত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে মহানগৰ আৰু নগৰ সমূহক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় যদিও অসমত তেনে ব্যৱস্হা হাতত নোলোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যে ৰাজ্যখনত ক্ৰমে বৃদ্ধি পাইছে চৰ্মৰোগ, হাওঁফাওঁজনিত ৰোগ, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা।

একেদৰে মহানগৰখনৰ বহু অঞ্চলৰ কুৱাঁ, নলীনাদ আদিৰ জলস্তৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বনাঞ্চল ধ্বংসযজ্ঞ এতিয়াও অবাধ গতিত চলি আছে। চোৰাং ব্যৱসায়ীৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামতো গছ-গছনি কাটি তহিলং কৰা হৈছে। গুৱাহাটী মহানগৰত চলাচল কৰা একাংশ বাহনৰ লগতে সৰু-বৰ উদ্যোগ সমূহে ভয়ংকৰ ৰূপত বায়ু প্ৰদূষণ কৰি আহিছে প্ৰশাসনৰ সম্মুখত। গুৱাহাটীৰ প্ৰান স্বৰূপ ভৰলু নৈ এতিয়া এখন মৃত নৈ। নৈ খনত নাই অক্সিজেন। নৈখন প্ৰদূষণমুক্ত কৰাৰ বিপৰীতে ফলক ওলোমাই থৈ চৰকাৰ তথা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দায়িত্ব সামৰিছে। সময় থাকোতে যদি চৰকাৰ আৰু জনসাধাৰণ সজাগ নহয়, এক ভয়ংকৰ পৰিবেশে সকলোকে আক্ৰমণ কৰাটো নিশ্চিত। দিল্লীৰ একাংশ পৰিয়ালৰ দৰে ঘৰ-মাটি বিক্ৰি কৰি প্ৰদূষণমুক্ত স্হান বিচাৰি হাহাকাৰ কৰাৰ পৰিবেশ সমাগত। এইক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণ সজাগ হোৱাটো অতি জৰুৰী হৈ পৰিছে।

Leave A Reply