Breaking

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ গণশিল্পী মঘাই ওজা বঁটা

0 59

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁলোকৰ শ্ৰেষ্ঠ বঁটা ‘গণশিল্পী মঘাই ওজা সোঁৱৰণী বঁটা’ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে। এটা প্ৰেছ বিজ্ঞপ্তিত এইকথা ঘোযণা কৰিছে যোৰহাটৰ হাতীগড় অৱস্থিত কলাক্ষেত্ৰ সমিতিয়ে।

যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীৰ অনুষ্ঠানত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰৰ সাধাৰণ সভাই সৰ্বসন্মত ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিজ্ঞপ্তিটোত কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই কয় যে পঞ্চাশৰ দশকতে অসমৰ লোকবাদ্য ঢোলক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল গণশিল্পী মঘাই ওজাই।

সুধাকণ্ঠ ড॰ ভুপেন হাজৰিকাৰ লগত একেলগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। বিপ্লৱী চেতনাৰে গণশিল্পী মঘাই ওজাই সমাজ আৰু দেশৰ অন্যায় অবিচাৰ, শোষণৰ বিৰুদ্ধে ঢোলত ৰগৰ দিয়েই প্ৰতিবাদ কৰিছিল।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি আছিল একে সময়তে গণশিল্পী মঘাই ওজা আছিল আছিল উপসভাপতি। গণশিল্পী মঘাই ওজাই ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুদীৰ্ঘ ষাঠিটা বছৰৰ পিছত ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ঢোলবাদ্যক বিশ্বত প্ৰতিষ্ঠা কৰি গ্ৰীনিজ বুকত নাম খোদিত কৰাই।

তদুপৰি ঢুলীয়া শিল্পীসকলৰ প্ৰতিও উপযুক্ত মাননী আগবঢ়াই সন্মান প্ৰদৰ্শন কৰে। “মঘাই ওজাবিহীন বিহু নহয় সিমান মধুৰ” বুলি গীত গাই খেদ প্ৰকাশ কৰিছিল সুধাকণ্ঠই। সেই বিহুকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বত প্ৰতিষ্ঠা কৰিলে। এই মহৎ কামৰ বাবেই মুখ্যমন্ত্ৰীজনলৈ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বঁটাটো আগবঢ়াই বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰে।

Leave A Reply