Breaking

শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱাক মুখ্যমন্ত্রীৰ সাহায্য পূজিৰ চেক প্ৰদান মন্ত্রী বিমল বড়াৰ

0 117

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই সোমবাৰে শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱাৰ স্থানীয় লতাশিলৰ বাসগৃহত উপস্থিত হৈ শিল্পী দুগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু দুয়ো গৰাকী শিল্পীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী সাহায্য পূজিৰ পৰা আগবঢ়োৱা ধনৰ চেক প্ৰদান কৰে।

সংগীত পৰিচালক ৰমেন বৰুৱা আৰু গায়ক দ্বিপেন বৰুৱাক চেক যোগে ক্ৰমে তিনি লাখ আৰু দুই লাখ টকাৰ সাহায্য আগবঢ়োৱা হয়।


উল্লেখ্য যে কিছুদিন পূর্বে শাৰীৰিক অসুস্থতা হেতু চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা গম পাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই স্বনামধন্য শিল্পী ৰমেন বৰুৱাৰ বাসগৃহ লৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লৈছিল৷।

Leave A Reply