আজি দিনযোৰা কার্যসূচীৰে কুলহাটী হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত হয় কালাৰ বেল্টৰ পৰীক্ষা। এই অনুষ্ঠানতে নৰ্থ ইষ্ট কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা হৃষিতা দাসক ইউনিৰ্ভাচেল কাৰাটে ফেডাৰেশ্যন অব ইণ্ডিয়াৰ অসম শাখাৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয় । লগতে ২০২২ বৰ্ষৰ ২৫ ডিচেম্বৰত অনুষ্ঠিত কালাৰ বেল্টৰ পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিগৰাকী খেলুৱৈ ক্ৰমে বৰ্ণি কাৰাটে একাডেমীৰ আলিছা ফাৰহাদ, দমদমা কাৰাটে একাডেমীৰ বিতোপন মালাকৰ আৰু বহ্নিমান কাৰাটে একাডেমীৰ ৰাজশ্ৰী বৈশ্যক মানপত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয় ।

নেপালত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ভাস্বতী মহন্ত, ধৃতিস্মান দাস, হিমাংশুৰাজ পাটোৱাৰী, মনিষা দাস, ধ্ৰুৱজ্যোতি দাস, হৃদয় জ্যোতি দাস, দিশা ডেকা, মৃন্ময় পাঠক, মৃদাংগ মালাকৰ আৰু তনয় দাসকো সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটো চেনচাই মন্টু ওজাই পৰিচালনা কৰে।

