Breaking

শ্ৰীশ্ৰীআলিপুখুৰী পাটেকীবড়ি সত্ৰত অধিবক্তা ললিত চন্দ্ৰ বৰাৰ স্মৃতিচাৰণ আৰু স্মাৰকগ্ৰন্থ উন্মোচন

0 67

আজি শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰ প্ৰাংগনত অধিবক্তা ললিত চন্দ্ৰ বৰাৰ স্মৃতিচাৰণ আৰু স্মাৰকগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনত বন্তি প্ৰজ্বলন কৰে সত্ৰৰ সত্ৰাধিকাৰ বীৰেণ মহন্তই। উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মানস মহন্ত ,থান পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া, থগিত মহন্ত সভাপতি নগাঁও জিলা সাহিত্য সভা,সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সন্থাৰ প্ৰধান সম্পাদক জীতেন চন্দ্ৰ হাজৰিকা,ৰাজ্যিক সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা,কবি পৰাণ কুমাৰ বৰা,ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা,শিক্ষক কমৰুল ইছলাম।

আদৰণি বক্তব্য ৰাখে স্বৰ্গীয় ললিত চন্দ্ৰ বৰাৰ পুত্ৰ মৃগাংকৰ বৰাই। ৰাজ্যিক ভিত্তিত স্বৰ্গীয় ললিত চন্দ্ৰ বৰাৰ নামত এটি বঁটা প্ৰদান কৰিবলৈয়ো বিমান বৰাই পৰিয়াল বৰ্গক আহ্বান জনায়। ললিত চন্দ্ৰ বৰাৰ সান্নিধ্য লাভ কৰা তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই স্বৰ্গীয় ললিত চন্দ্ৰ বৰাৰ জীৱন দৰ্শনৰ লগতে তেওঁৰ পৰিয়াল বৰ্গৰ সন্দৰ্ভত বক্তব্য ৰাখে।স্মাৰকগ্ৰন্থ খন উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই। অনুষ্ঠানটো পৰিচালনাত আঁত ধৰে মুকুল কলিতাই।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Leave A Reply