Breaking

অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…

0 12

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩-২০২৪ বৰ্ষযোৰা জৰীপৰ অন্তঃত মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ ‘ছিয়েচ’নৰ পৰা লাভ কৰা গৱেষণাৰ তথ্য মতে অসমৰ মুছলিম সমাজে বিভিন্ন দিশত নিজৰ মানসিকতা স্থিৰ কৰিছে। সেইমতে তেওঁলোকে ৰাজনৈতিক ভাৱাদর্শ সময়সাপেক্ষে গঢ়ি তুলিছে। এই অধ্যয়নত অসমৰ ৩১ খন জিলাৰ ১২৬ খন বিধানসভা সমষ্টিৰ দৰিদ্ৰ সীমাৰেখা তলৰ, দৰিদ্ৰ, মধ্যবিত্ত, উচ্চ মধ্যবিত্ত, উচ্চ শ্ৰেণীৰ সমান্তৰালকৈ অশিক্ষিত, অর্ধশিক্ষিত আৰু উচ্চ শিক্ষিত শ্রেণীক সাঙুৰি লৈছিল। মুছলিম আৰু অমুছলিম সম্প্ৰদায়ৰ বিভিন্ন সংগঠন, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয়ৰ শিক্ষক, ছাত্র-ছাত্রী আৰু গবেষক; খেতিয়ক, দৈনিক মজুৰি কৰা শ্রমিক, ব্যৱসায়িক, বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত কৰা কৰ্মচাৰী আদি সকলোকে সাঙুৰি কৰা জৰীপৰ দ্বাৰা বহুখিনি তথ্য নির্ধাৰণ হয়। বেছি সংখ্যকেই এইবাৰৰ লোকসভা নিৰ্বাচনত পূৰ্বৰ দৰেই প্রথাগতভাবে অংশগ্রহণ নলৈ অসমৰ মুঠ জনসংখ্যাৰ ৩৪.৪ শতাংশ (তিনিভাগৰ এভাগ) জনসংখ্যাৰ বিভিন্ন দিশৰ বিকাশৰ ওপৰত গুৰুত্ব দিহে ভোট প্রদান কৰিব। বিগত দীর্ঘ সময়ত মুছলিম সমাজে লাঞ্চনা-বঞ্চনাৰ সন্মুখীন হৈ আহি থকাৰ লগতে ভূমি অধিকাৰ, নাগৰিক অধিকাৰ, শিক্ষা অধিকাৰ, অৰ্থনীতিৰ অধিকাৰ আদি দ্রুত গতিত হেৰুৱাই আহিব লগা হোৱা বাবে এইবাৰ সমগ্র মুছলিম সমাজৰ প্ৰতিটো স্তৰৰ লোক অধিক সচেতন হৈছে। পূৰ্বৰ পৰা সমর্থন দি থকা ৰাজনৈতিক দ’লকে যে সমর্থন দিব সেইকথা নৎসাত কৰিছে। যি দ’লে উক্ত সমস্যা সমাধানৰ প্ৰতি অধিক মনোগ্রাহী হ’ব সেই দ’ল সমূহকে আগুৱাই নিব। অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি সকলোৰে বিশ্বাস আৰু আশা থকা কথা উক্ত জৰীপত প্রকাশ পাই। তেওঁ উক্ত এক তৃতীয়াংশ জনসংখ্যাৰো মুখ্যমন্ত্ৰী সেয়ে ৰাজ্যৰ বিকাশৰ অংশ আংশিকভাবে এই সম্প্রদায়ে লাভ কৰিছে যদিও অন্য জাতি- জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ দৰে সমঅধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। মুছলিমৰ সংগঠনসমূহে দীর্ঘদিন দাবী জনাই অহা দৰে সকলোৱে অসমৰ মুছলিম সমাজক আন ৰাজ্যৰ দৰে অ.বি.চি. মৰ্যাদাৰ দিয়াৰ লগতে, আন জনগোষ্ঠীৰ দৰে প্রতিখন শিক্ষানুষ্ঠানত আসন সংৰক্ষণ কৰা, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ, সমান্তৰাল ভূমি অধিকাৰ, উজনিত আজান ফকীৰৰ নামত এখন বিশ্ববিদ্যালয়, ২০১৮ চনত চৰকাৰে অনুমোদন জনোৱা আজান ফকীৰ ক্ষেত্ৰ স্থাপন, অসমৰ কৃষি আৰু মৎস্য পালনত মুখ্য ভূমিকা লোৱা সম্প্রদায়টোৰ বাবে বিশেষ অনুদান আগবঢ়োৱা যাতে উক্ত সাগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব পাৰি আদি। উক্ত দিশ সমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই নিশ্চয় সহযোগ পাব বুলি জৰীপত প্রকাশ। তাৰ বাবে নিশ্চয় তেওঁ আগতীয়াকৈ ঘোষণা কৰি আশ্বাস দিব লাগিব। এই বৃহৎ সম্প্রদায়টোয়ে লক্ষ্যণীয়ভাবে গুৰুতৰ আৰোপ কৰিছে যদিহে অনাহ’কত সাম্প্রদায়িক সংগঠন সমূহে উক্ত সম্প্রদায়কক লক্ষ্য কৰি লওতে মুখ্যমন্ত্রীয়ে তেওঁলোককো ৰক্ষণা বেক্ষণ দিলে সমর্থন দিয়াত আপত্তি নাই বুলি প্রকাশ।

ইতিমধ্যে হৈ যোৱা দুটা পৰ্যায়ৰ ভোট প্রদানত অসমৰ কেইবাটাও লোক সভাৰ সমষ্টিত মুছলিম সম্প্রদায়ৰ বৃহৎ সংখ্যক ভোটাৰক আকৰ্ষণ কৰিবলৈ ড০ হিমন্ত বিশ্ব শর্মাই সক্ষম হৈছে তেওঁ ৰূপায়ণ কৰা আচঁনিৰ দ্বাৰা। উজনিতো ড০ শৰ্মাৰ লগতে কেবিনেট মন্ত্রী যোগেন মোহনৰ নিৰপেক্ষ, সংবেদনশীল আৰু পৰোপকাৰি চৰিত্ৰ বাবে আহোম, চাহ, মৰাণ, মটক, অনুসূচিত আদি জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া মুছলিমকো আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল। তৃতীয় পৰ্যায়তো একেধৰনৰ লক্ষণ দেখা দিছে।স্বৰ্গদেউ সকল অহাৰ আগতেও গৰিয়া সকল অসমত আছিল।‌ এই সকলৰ উন্নয়ন হোৱাটো বিচাৰোঁ। সেয়ে তথ্য সমূহ আমি প্ৰকাশ কৰিছোঁ। উক্ত সংবাদমেলত ৰয়েল আহোম ছ’ছাইটিৰো সভাপতিৰ দায়িত্বত থকা, এম এম আৰ এ’ৰ উপদেষ্টা কমলা ৰাজকোঁৱৰ, উপদেষ্টা হেমন্ত চাংমাই একেদৰে বৰ অসম গঢ়াত বলিষ্ঠ ভূমিকা থকা মুছলিম সম্প্রদায়ক অ বি চি মৰ্যদা, শিক্ষাত সংৰক্ষণ, চাকৰি ক্ষেত্ৰত সংৰক্ষণ, কৃষি ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লোৱা সম্প্ৰদায়ক বিশেষ ভাৱে অনুদান দিয়া যাতে কৃষি-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ হ্ৰাস, আজান ফকীৰৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন আৰু ঘোষণা কৰা আজান ফকীৰৰ ক্ষেত্ৰ শীঘ্রেই স্থাপন কৰা আদি দিশত গুৰুত্ব আৰোপ কৰে। কাৰ্যকৰী সদস্য আমিৰুল হাজৰিকাই একেদৰে দাবী উত্থাপন কৰে। উক্ত গৱেষণা প্ৰতিষ্টানৰ আন সফল জৰীপৰ লগতে, চৰাইদেও মৈদাম বিশ্ব ঐতিহ্য হোৱাত সফল জৰীপৰ ভূমিকা থকা দৰে, উক্ত বঞ্চিত অসমৰ বৃহৎ সম্প্রদায়টোৰ কামত অহাকৈ এই জৰীপ প্ৰকাশ কৰা হ’ল। জৰীপত অংশীদাৰ সকলৰ প্ৰবল হেচাঁত অসমৰ মূখ্যমন্ত্ৰীক অৱগত কৰিবলৈ এপ্ৰিলত শেষ হোৱা গবেষণা জৰীপৰ তথ্য প্ৰকাশ কৰা হ’ল। শিৱসাগৰৰ ৰংপুৰজ্যেতি ক্লাবত আয়োজিত সংবাদমেলত এইদৰে প্ৰকাশ কৰে এছ’ছিয়েচ ‘নৰ সভাপতি ড০ জাকিৰুল আলম, উপদেষ্টা-কমলা ৰাজকোঁৱৰ, হেমন্ত চাংমাই, কাৰ্যকৰী সদস্য আমিৰুল হাজৰিকাই।

Leave A Reply