বিতৰ্কত ঠিকাদাৰে ব্যয় কৰিব ২০০ কোটি। জালুকবাৰীত নিৰ্মান হব সুউচ্চ মোদীৰ প্ৰতিমূৰ্তি…

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সমীপত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুউচ্চ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত এইবাৰ নিৰ্মাণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি চৰকাৰ বা দল সংগঠনে নিৰ্মাণ নকৰে। মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এগৰাকী বিতৰ্কত ঠিকাদাৰে। এই বাতৰি প্ৰকাশ হোৱাৰ লগে লগে চৌদিশে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। অভিযোগ মতে বিতৰ্কত ঠিকাদাৰ নবীন বৰাই ইতিপূৰ্বেও উক্ত ভূমিত ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ নামত বহু ব্যক্তিৰ পৰা কোটি কোটি টকা অগ্ৰিম ধন আদায় কৰি আজি পৰ্যন্ত ধন ওভোটাই দিয়া নাই। আনকি প্ৰতিষ্ঠানো নিৰ্মাণ নকৰিলে এই গৰাকী বিতৰ্কত নবীন বৰাই। একাংশ ব্যৱসায়ীয়ে নবীন বৰাৰ বিৰুদ্ধে আদালতত গোচৰ তৰা বুলিও স্থানীয় একাংশই সদৰি কৰে। আনহাতে নবীন বৰাৰ প্ৰস্তাবিত মোদীৰ প্ৰতিমূৰ্তি স্হাপনৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰি দি কয় যে ভূপেন হাজৰিকাৰ ব্যক্তিত্ব একক অনন্য আৰু অদ্বিতীয়। ভূপেন দাৰ লগত আন কাৰোবাক তুলনা কৰি লাভ নাই বুলিও ডঃ ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে। একেদৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ভূপেন দাৰ সমান কোনো নাছিল আৰু হব নোৱাৰে বুলি দৃঢ় মত প্ৰকাশ কৰি প্ৰতিমূৰ্তিৰ আকাৰে ব্যক্তিত্ব তুলনা নহয় বুলিও স্পষ্ট কৰি দিয়ে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি পৰবৰ্তী সময়ত তেওঁ নিজেই এনে প্ৰতিমূৰ্তি উঠাই নিব বুলি কটাক্ষ কৰে।

ভূপেন বৰাই ডঃ শৰ্মাই কংগ্ৰেছ দলৰ সদস্য হৈ থকা সময়ত জালুকবাৰীত এটা ৰাজীব ভবন স্হাপন কৰি পৰবৰ্তী সময়ত উঠাই নিয়া বুলিও সংবাদমাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে। বিতৰ্কত ঠিকাদাৰ নবীন বৰাই নিৰ্মাণ কৰিব লগীয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিত ব্যয় কৰিব ২০০ কোটি টকা। চৰকাৰ তথা সাংস্কৃতিক বিভাগে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ সমীপত প্ৰস্তাবিত মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষ্যনীয়।

Related Articles