Breaking

অনুভৱী হৃদয়ৰ আলাপ; গ্ৰন্থ উন্মোচনী সভাও ইমান পাগত উঠেনে বাৰু!

0 57

২৪ নৱেম্বৰত সাধাৰণতে প্ৰতিজন অসমবাসীয়ে বীৰ লাচিতক হিয়া উজাৰি স্মৰণ কৰে। এনে এক ঐতিহাসিক দিনটোতে নলবাৰীস্থ শংকৰদেৱ একাডেমীত কবি, প্ৰবন্ধকাৰ, শিক্ষক, সৰবৰহী সত্ত্বা নিতুল কুমাৰ দত্তই আত্মপ্ৰকাশ কৰে ঔপন্যাসিক হিচাপে। গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাখনত, সাৰস্বত সমাজৰ উপস্থিতিত দত্তৰ ‘ নাও মেলি ঢৌ খেলি’ উপন্যাসখন পঢ়ুৱৈৰ হাতত আলফুলে পৰে।

২০১২ চনতে উপন্যাসখন লেখা আৰম্ভ কৰা আৰু পুথি আকাৰে আজি প্ৰকাশ পোৱাটোত এক মধুৰ সপোন যেন সাকাৰ হয় দত্তৰ। টেট শিক্ষক হিচাপে মকৰল হোৱা দত্তই সমাজ জীৱনৰ বহুৰূপ দেখা পাইছিল, খিলঞ্জীয়া সকলৰ আৰু অভিবাসী মুছলমান সকলৰ জীৱন যাপন এই গোটেই ঘটনাবিলাকে দত্তৰ মনত ক্ৰিয়া কৰিছিল আৰু কালক্ৰমত ভাবিছিল যে এটা তুলনামূলক অধ্যয়ন কৰিব পাৰি নেকি উপন্যাসৰ জৰিয়তে, ইয়াৰ আলমতে ১৯৭৯ চনৰ পৰা ২০২০ চনলৈকে এক প্ৰামাণিক সময়ৰ ঘটনাবহুল পৰিক্ৰমাৰ কল্পনা-বাস্তৱৰ সমাহাৰ ঘটোৱাই ৰচা উপন্যাসখন পঢ়ুৱৈৰ সমাদৰ লাভ কৰিলে কষ্টৰ উপশম হোৱা যেন বোধ হ’ব নিতুল কুমাৰ দত্তৰ। ইতিমধ্যে সদাশয় পঢ়ুৱৈৰ মাজত সমাদৃত হোৱা, ২০১৮ চনত প্ৰকাশ পোৱা নিতুল কুমাৰ দত্তৰ কবিতা পুথি ‘একেলগে চাওঁ আহা মানুহৰ ৰং’ ৰ পিছত এইখন দ্বিতীয়খন পুথি প্ৰকাশি ওলাল।

নলবাৰী জিলাৰ নিজ পকোৱাত জন্মগ্ৰহণ কৰা দত্তই নব্বৈৰ দশকৰ পৰাই অসমৰ প্ৰায়বোৰ কাকত, আলোচনীৰ পৃষ্ঠা শুৱনি কৰি কবিতা, প্ৰবন্ধৰে সৃষ্টিশীল ৰচনাত নিমগ্ন হৈ থাকি আৰু দুই-এখন পুথি যন্ত্ৰস্থ: হৈ থকা বুলি জানিব পাৰিছোঁ।


যথাসম্ভৱ সকলো দিশ সামৰি গ্ৰন্থ উন্মোচনী সভাখনৰ বিষয়ত দীঘলীয়া আলচ কৰাৰ প্ৰয়াস কৰিছোঁ। বৌদ্ধিক জগতত সাহিত্য চৰ্চাকাৰী সকলৰ ভিতৰত নলবাৰীৰ এখন সুকীয়া আসন আছে। প্ৰজ্ঞানগৰী নলবাৰীৰ চকুত পৰা কবি, সাহিত্যিক, দত্তক অন্তৰেৰে ভালপোৱা এচাম অনুৰাগীৰ মিঠা উপস্থিতিত পোন পহিলাতে সভাৰ কাৰ্যসূচীৰ বিৱৰণী আৰম্ভ কৰে যুৱ সাহিত্যসেৱী, লেখক জয়ন্ত কুমাৰ ডেকাই।

জয়ন্ত কুমাৰ ডেকাই নামসমূহ ঘোষণা কৰি সানুনয়ে মঞ্চৰ আসন অলংকৃত কৰিবলৈ ব্যতিক্ৰমী সভাখনত সঞ্চালক হিচাপে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ অধ্যক্ষ , বিশিষ্ট কবি, কথাশিল্পী ড° বিনয় কুমাৰ মজুমদাৰক, গ্ৰন্থ উন্মোচক হিচাপে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক আনোৱাৰ হুছেইনক, অতিথি হিচাপে মঞ্চত উপবিষ্ট কৰাই সাংবাদিক জিতেন শৰ্মাক , সাংবাদিক কমলেশ শৰ্মাক , অসম টাইমৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক এম. মহিবৰ ৰহমানক, কবি-ঔপন্যাসিক-গদ্যলেখক পংকজ গোবিন্দ মেধিক আৰু স্বনামধন্য কবি শান্তনু শৰ্মাক আহ্বান জনায় ।

নিতুল কুমাৰ দত্ত আৰু শিক্ষয়িত্ৰী পত্নী দীপিকা ভৰালী দত্তৰ একমাত্ৰ মেধাৱী দুহিতা, একাদশ শ্ৰেণীৰ ছাত্ৰী তন্ময়ী তৰা দত্তৰ কন্ঠত এটি সুমধুৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা নিটোল অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘জোনাক’ মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক, কবি, লেখক পুলকেশ ৰায় বৰুৱাই। অকণমান পিছতে সভাৰ মাহেন্দ্ৰক্ষণটো যেন আহি পৰে! হৈ গ’ল উপন্যাসখনৰ মৌমিঠা উন্মোচন। শ্ৰোতা দৰ্শকক ভাষণেৰে মোহাবিষ্ট কৰা উন্মোচক, নিতুল কুমাৰ দত্তৰ শিক্ষাগুৰু আনোৱাৰ হুছেইনে নিজে পঢ়া অসমীয়া বহু উপন্যাসৰ উদাহৰণেৰে সৰস আলোচনা কৰি কয় যে,”গ্ৰন্থ এখনে যেতিয়া পাঠকৰ হৃদয় চুই যায় আৰু গ্ৰন্থখনে বহু ধৰণৰ চিন্তা উদ্ৰেককাৰী বাৰ্তা সমাজলৈ কঢ়িয়াই নিয়ে তেনে গ্ৰন্থই সমাদৰ লাভ কৰে আৰু তেতিয়াহে প্ৰকৃতাৰ্থত গ্ৰন্থখন উন্মোচন হ’ব বুলি ক’ব পৰা যায়, মাটিৰ গোন্ধ থকা কবিতা লিখি অহা দত্তৰ উপন্যাসখনৰ নামটোতো কবিতাৰ বৰ্ণিল সোৱাদ যেন সোমাই আছে” ।

পংকজ গোবিন্দ মেধিয়ে ঔপন্যাসিকক শুভাশা প্ৰদান কৰি ‘সাদিন’ত প্ৰকাশিত এক নতুন আংগিকৰ ‘দৃষ্টি বিভ্ৰম’ শীৰ্ষক গল্প সাৱলীলভাৱে পাঠ কৰে। শুভেচ্ছামূলক ভাষণ আগবঢ়োৱা জিতেন শৰ্মাই তেখেতৰ নিমজ বক্তব্যত কয় যে, “শিক্ষকসকলক, জ্যেষ্ঠসকলক সদায় উচ্চাসন দিব লাগে। কেতিয়াবা বৰ্তমান সময়ক অধ্যয়ন কৰিলে কৰিলে কিছু কবি, সাহিত্যিকক বৌদ্ধিক দৈন্যতাৰ মাজেৰেও যোৱা যেন লাগে। সমাজত কয় এটা আৰু নিজ পৰিয়ালত কিম্বা ব্যক্তিগত জীৱনত শিপাৰ পৰা অকাতৰে বিচ্ছিন্ন হোৱা দেখা যায়। নিতুল কুমাৰ দত্ত কেতিয়াও হোৱা নাই গণবিচ্ছিন্ন , দি আহিছে মানুহক সমন্বয়ৰ সুষম বাৰ্তা। সদা হাস্যময় ব্যক্তি, অভাৱ-অনাটনে জুৰুলা কৰিলেও হাৰ মনাব নোৱৰা সাহসী যোদ্ধা দত্ত শিপাক নাপাহৰা এগৰাকী সংস্কৃতিবান ব্যক্তি হৈ ছে দত্ত। যত দূৰ পাৰি সমাজক হিয়া উজাৰি দিয়াৰ পক্ষত সদায় নিতুল দত্ত আছে। সংকল্প, সাহস আৰু সমৰ্পিত মন — এই তিনিটা মানবিশিষ্ট গুণ আছে বাবেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দত্ত উজ্বলি থাকিব।”


কমলেশ শৰ্মাৰ বক্তৃতাৰ কিয়দাংশ এনে ধৰণৰ –“সাহিত্য সৃষ্টিশীলতাৰ ভিতৰত কবিতাই শ্ৰেষ্ঠ। ইতিমধ্যে দত্তই কাব্য সৃষ্টিৰে ৰচনা কৰিলে শ্ৰেষ্ঠ সাহিত্য। মানুহে বিচৰা, পঢ়ুৱৈয়ে সন্ধান কৰা এখন উপন্যাস হওক নাও মেলি ঢৌ খেলিখনে। সততে উত্থাপিত হোৱা অভিযোগ অসমীয়া মানুহে কিতাপ নপঢ়েত মই বিশ্বাসী নহয়। ভাল কিতাপ মানুহে পঢ়িবয়। উন্মোচন নকৰিলেও, বিজ্ঞাপন নিদিলেও ভাল গ্ৰন্থ পঢ়ুৱৈয়ে বিচাৰি আনি হ’লেও পঢ়িবয়। মাথোঁ চৰ্ত থাকিব কিতাপখন সুখপাঠ্য হ’ব লাগিব। উপন্যাসৰ এক অনামী শিহৰণ আছে, প্ৰতি গৰাকী পঢ়ুৱৈয়ে কোনোবা নহয় কোনোবা চৰিত্ৰত অজানিতে যেন নিজক বিচাৰি পায়।”

শান্তনু শৰ্মাই স্বৰচিত দুটি মহিমামণ্ডিত কবিতা পাঠ কৰি দত্তক সাধুবাদ দিয়ে। এম. মহিবৰ ৰহমানে চুটি বক্তব্য আগবঢ়ায় কয় যে, “সংস্কাৰী ঘৰৰ প্ৰগতিশীল চিন্তাৰ বাৰ্তাবাহক নিতুল কুমাৰ দত্ত। অনন্য জীৱন দৰ্শনেৰে তেওঁৰ দুহিতাকো গঢ়ি তুলিছে উপযুক্ত হিচাপে।”


সমজুৱাৰ পিনৰপৰা সংবেদনশীল লেখক সত্যেন শৰ্মাই কয়,”পঢ়ুৱৈ হিচাপে আমাৰ প্ৰথম পচন্দ উপন্যাস। উল্লেখ্য যে, সত্তৰৰ দশকত উপন্যাস পঢ়াটো বৰ এটা ভাল চকুৰে নাচাইছিল। ক্ৰমশঃ দিন বাগৰি যোৱাৰ লগে লগে সেই ভাবধাৰা সলনি হ’ল। বিষয়বস্তুৱেও মোট সলালে। কোনোবাই উপন্যাসত বুৰঞ্জীক টানিছে, আন কোনোবাই বা চৰাইৰ বিনন্দীয়া পৃথিৱীখনকে টানিছে। আগৰ সময়ত হিতেশ ডেকাৰ উপন্যাস আছিল হাৰ্টথ্ৰব। উপন্যাসৰ আলোচনাৰ নাই কোনো আদি-অন্ত। কালৰ বুকুত অৱগাহন কৰি উপন্যাসৰ নামবোৰো সলনি হ’ল। পাঠকে কি ধৰণে লয় উপন্যাস এখন সেইটোৰ ওপৰত সৱ নিৰ্ভৰ কৰে। আগতে আশী শতাংশ লোকেই বাহিৰা কিতাপ পঢ়িছিল। পঢ়া কিতাপৰ, উপন্যাস আদিৰ ওপৰত লগৰীয়াৰ লগত আলোচনা-বিলোচনা হৈছিল। দত্তৰ এই পুথিখন সুখপাঠ্য হওক।”


আন এগৰাকী সমজুৱাৰ পৰা কোৱা বক্তা, লেখক-অধ্যাপক ড° ৰাজেশ কাকতিয়ে তেখেতৰ মোলায়েম ভাষণত কয় যে –” সাহিত্যত নোবেল বঁটা পোৱা বাৰ্ট্ৰাণ্ড ৰাচেলৰ গ্ৰন্থ ‘In praise of idleness’ শীৰ্ষক পুথিখন ৰসস্বাদন কৰিব লগা অতি লাগতিয়াল পুথি। দত্তই এই পুথি প্ৰকাশেৰে জীৱনৰ অতি উৎকৃষ্টতম কাম এটি কৰিলে। সাংবাদিক আৰু কবি যদি ঔপন্যাসিক হয় তেনেহ’লে সেই উপন্যাসখন দুৰ্দান্ত হয়, এইয়া ইতিহাসপ্ৰসিদ্ধ কথা। কবি আৰু সাংবাদিক বিপ্লৱী হ’লেও তেখেতসকল হয় দুৰ্দান্ত।কবিসকলৰ ‘বেৰোমেটিক ফিলিংচ’ আছে।” জাকতজিলিকা সভাখনত নিতুল কুমাৰ দত্তৰ ককায়েক ৰমেন দত্তয়ো নিজৰ মনোভাৱ নিগৰাই ভায়েকৰ এই কৃতিত্বত সকলোকে কৃতজ্ঞতাৰে শলাগে।

কবি চম্পক তালুকদাৰে নিজৰ আৱেগিক ভাষণত দত্তৰ ঘৰখনৰ জীয়া-মৰ্মস্পৰ্শী কিছু নজনা কথা দোহাৰি এক নীৰৱ-নিতাল পৰিৱেশৰ সৃষ্টি কৰে। শিক্ষক, কবি গণেশ বৰ্মনে শুভাশিসমূলক মন্তব্যৰে দত্তক উদগণি জনায়। শিক্ষয়িত্ৰী ইনালী দত্তই এটি স্বৰচিত কবিতা পাঠেৰে দৰ্শকক আমোদ দিয়া সভাখনত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক দীপাংকৰ দত্তই। সঞ্চালক ড° বিনয় কুমাৰ মজুমদাৰে বুদ্ধিদীপ্ততাৰে যিমানবোৰ তথ্যকেন্দ্ৰিক চিত্তাকৰ্ষক মন্তব্য ভাষণৰ পিছে পিছে দাঙি ধৰিছিল সভাখনত; সঁচাকৈয়ে অতিশয় মনোগ্ৰাহী হৈ পৰিছিল সেই সোণসেৰীয়া ক্ষণবোৰ। আৰ্নেষ্ট হেমিংৱেৰ উপন্যাস ‘বুঢ়া আৰু সাগৰ ‘ গ্ৰন্থখনে মাত্ৰ ৩৯ পৃষ্ঠাৰ কিতাপখনৰ বাবে নোবেল বঁটা লাভ কৰা, মাতৃভাষাৰে অধ্যয়ন কৰি তথা লেখা-মেলা কৰি ইহুদী সকলে যে সৰ্বাধিক নোবেল বঁটা পাই আহিছে তাৰ পাৰিসাংখ্যিক তথ্য প্ৰকাশ কৰি অনেক মেটমৰা কথাৰ সম্ভেদ দি সভাখন চলাই নি এক পাগত তুলিছিল শ্ৰদ্ধাৰ মজুমদাৰদেৱে।

লেখক-সাংবাদিক শংকৰ শৰ্মা, চিত্ৰশিল্পী দিগন্ত বৰ্মন, কবি কমল কুমাৰ শৰ্মা, নামজ্বলা লেখক-গল্পকাৰ-ঔপন্যাসিক কমল শৰ্মা, কবি-চিত্ৰশিল্পী অনুপ দত্ত, জেপ আলোচনী ‘গজালি’ পৰিয়ালৰ কেইবাজনো কৰ্মকৰ্তা, শিক্ষক-সাহিত্যকৰ্মী মানস কুমাৰ শৰ্মা, প্ৰকৃতিবিদ ভূপেন কুমাৰ দাসসহ অনেক গুণমুগ্ধই ভিৰ কৰা এই উন্মোচনী অনুষ্ঠানটো নান্দনিক সৌন্দৰ্যৰ আকৰ হোৱা বুলি ক’ব পৰা যায়,২২০ টকা মূল্যৰ ২৪০ পৃষ্ঠাৰ পুথিখন প্ৰকাশ কৰি উলিয়ায় পাণবজাৰৰ ‘আদি আৰু জেএছ’ প্ৰকাশনে।

ইতিবাচক কথা এটা থাউকতে উনুকিয়াই থওঁ যে সভাস্থলীতে নগদ ধন দি এই লেখকে পাঁচখন গ্ৰন্থ ক্ৰয় কৰাৰ পিছতে অনেকজনে উপন্যাসখন কিনাৰ বাবে অগ্ৰসৰ হয়। সভাৰ অন্তত সকলোৱে হাঁহিমুখে বিদায় লৈছিল যদিও অন্তৰৰ নিভৃত কোণত কঢ়িয়াই লৈ গৈছিল কবি, ঔপন্যাসিক নিতুল কুমাৰ দত্তৰ এই সুগভীৰ অনুষ্ঠানভাগিৰ এক সন্তষ্টিভৰা ‘কোৱালিটি টাইম’। জয়তু উপন্যাস ‘নাও মেলি ঢৌ খেলি’!!

-পুলকেশ ৰায় বৰুৱা

Leave A Reply