Breaking

মিজোৰামৰ ভোট গণনাৰ দিন ৩ ডিচেম্বৰৰ সলনি ৪ ডিচেম্বৰলৈ…

0 41

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন সলনি কৰা হৈছে। পূৰ্বে ৩ ডিচেম্বৰত ৰাজ্য খনত ভোটগণনা হোৱাৰ কথা আছিল যদিও এতিয়া ৪ ডিচেম্বৰতহে ভোটগণনা কৰা হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগে মিজোৰাম বিধানসভা নিৰ্বাচনত ভোট গণনাৰ তাৰিখ সংশোধন ককৰাৰ কথা ঘোষণা কৰিছে। মিজোৰাম এনজিঅ’ সমন্বয় সমিতিয়ে (এনজিঅচিচি) কৰা প্ৰতিবাদৰ পিছতে ভোট গণনাৰ তাৰিখ সংশোধনৰ সিদ্ধান্ত লোৱা হয়।

সংঘঠনটোৱে ৩ ডিচেম্বৰত দেওবাৰ হোৱা বাবে ভোটগণনাৰ বিৰোধিতা কৰিছিল। কিয়নো দেওবাৰৰ দিনটো মিজোৰামৰ সংখ্যগৰিষ্ঠ খ্ৰীষ্টানলোকসকলৰ বাবে এক বিশেষ দিন। সেই দিনটোতে খ্ৰীষ্টানলোকসকলে গীৰ্জালৈ গৈ প্ৰাৰ্থনা কৰে। সেয়ে সংগঠনটোৱে ভোটগণনাৰ দিন পিছুৱাবলৈ আহ্বান জনাইছিল।

Leave A Reply