Breaking

বিহালী বৰগাঙত চাউলধোৱাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি চিপিআই(এম-এল)ৰ

0 26

মঙলবাৰে বিহালী বৰগাঙত চাউলধোৱাৰ ১৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি সশ্ৰদ্ধ সোৱঁৰণ কৰে চিপিআই(এম-এল)ৰ বিশ্বনাথ জিলা সমিতিয়ে। দিনৰ ১১ বজাত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এখন সভা অনুষ্ঠিত কৰা হয়। মিন আচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, জিলা সম্পাদক নাৰায়ণ পৌড়েল, ৰাজ্যিক সদস্য লীলা শৰ্মা,অনন্ত হাজৰিকা, বিশ্বনাথ জিলা সমিতিৰ সদস্য ক্ৰমে লক্ষীকান্ত কুৰ্মি,প্ৰাঞ্জল কুটুম,বাহাদুৰ কায়স্থ,মহেন্দ্ৰ লোহাৰ,কৃষ্ণ পাইক,বদন মুণ্ডা,উৰ্মিলা পাইক, কৃষ্ণ নাহৰি আদিৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।

‘অসমৰ ইতিহাসত অন্যতম এক বৰ্বৰ হত্যাকাণ্ড চাউলধোৱাৰ গণহত্যাই এটা দশক অতিক্ৰম কৰিলে। আন্তৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে বিগত কংগ্ৰেছ চৰকাৰৰ লগত আন্দোলনকাৰী পক্ষৰ ২০১৪ চনত যি চুক্তি হৈছিল, বিজেপি চৰকাৰে আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে। সীমাত ৫ টা বন সুৰক্ষা শিবিৰ স্থাপন কৰাৰ চুক্তি আছিল যদিও কংগ্ৰেছ চৰকাৰৰ দিনতে ৩ টা স্থাপন হ’ল আৰু আহিল বিজেপিৰ চৰকাৰ। কিন্তু জাতি-মাটি ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰে বাকী দুটা বন সুৰক্ষা শিবিৰ এই চাৰে সাতবছৰীয়া কাৰ্যকালত স্থাপন কৰিব নোৱাৰিলে।

শেহতীয়াকৈ অসম চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসমৰ সীমামূৰীয়া ৰাজ্যৰ লগত যি বুজাবুজি চুক্তি কৰিলে সেই বিষয়েও অসমৰ ৰাইজ মুঠেই অৱগত নহয় আৰু বিজেপি চৰকাৰে “দখল যাৰ মাটি তাৰ” নীতি গ্ৰহণ কৰি আগ্ৰাসনকাৰীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগতে ভূমিৰক্ষাৰ আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতিও ঘোৰ অপমান কৰিলে।এফালে নিজ ৰাজ্যৰ শিলসাঁকোকে ধৰি বহু খিলঞ্জীয়া কৃষকক বনাঞ্চল আৰু পতিত মাটি দখল দখল কৰা বুলি নিৰ্মমভাৱে উচ্ছেদ কৰিছে আনফালে আনৰাজ্যই অসমৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰাৰ পিছত “দখল যাৰ মাটি তাৰ” নীতি গ্ৰহণ কৰি সেই দখলীকৃত মাটি আগ্ৰাসনকাৰিক গতাই দিব। গতিকে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হয় যে এইখন চৰকাৰ অসমবাসীৰ বা খিলঞ্জীয়াৰ চৰকাৰ প্ৰকৃততে হয়নে?
উল্লেখযোগ্য যে CBI য়ে ১১ জনক দোষী সাব্যস্ত কৰিছে আৰু বৰ্তমান লক্ষীমপুৰ ন্যায়ালয়ৰ দণ্ডাধীশৰ আদালতত চাউলধোৱা হত্যাকাণ্ডৰ গোচৰ চলি আছে আৰু অসমৰ ইতিহাসত বিশেষকৈ সীমাত সংঘটিত হত্যাকাণ্ডৰ ক্ষেত্ৰত CBI তদন্ত আৰু দোষী সাব্যস্ত কৰাৰ ঘটনা এয়াই প্ৰথম’- বুলি উল্লেখ কৰি ১১ তম শ্বহীদ দিৱসত উপস্থিত থাকি চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে চাউলধোৱাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু বিহালী তথা অসমৰ সংগ্ৰামী ৰাইজক কৃতজ্ঞতা জনোৱাৰ লগতে CBI ৰ দলটোৰো শলাগ লয়।

Leave A Reply