Breaking

থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ’ল ধৰ্ষণ আৰু হত্যাৰ!

0 124

এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে সোণাপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰা হৈছে। 

অভিযোগ অনুসৰি, অভিযুক্ত বাবলু টুমুঙে এই জঘন্য কাণ্ড সংঘটিত কৰি যুৱতীগৰাকীৰ মৃতদেহ ডিগাৰু নদীত পেলাই দিয়ে।

শুকুৰবাৰে নদীত মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই উগ্ৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি যোৱা ২৮ জুনৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল।

অভিযুক্ত বাবুলক শাস্তি দিয়াক লৈ দেওবাৰে দিনৰ ভাগত স্থানীয় লোক আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকে থানাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

Leave A Reply