Breaking

সলনি কৰা হ’ল তাৰিখ, ১৪ এপ্ৰিলৰ পৰিবৰ্তে ১৩ এপ্রিলতহে হ’ব বিহুৰ বিশ্ব অভিলেখ

0 113

১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ’ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়, ১৩ এপ্রিলতহে হ’ব। কাইলৈ সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত গিনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচিব বিহুৱা-বিহুৱতীয়ে”।

আনহাতে ১৩ এপ্রিলত সৰুসজাইত প্রৱেশৰ বাবে নালাগে কোনো পাছ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে ৰাজ্য চৰকাৰে দুটাকৈ ৰেকৰ্ডৰ বাবে লক্ষ্য স্থিৰ কৰিছে। এটা হ’ব বিহু নাছ আৰু আনটো ঢোলৰ।

প্রধানমন্ত্রীৰ উপস্থিতিত বিহুৱা-বিহুৱতী সকলে প্রমাণ পত্র লাভ কৰিব ১৪ এপ্রিলত। উক্ত দিনটোতহে কলাক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা পাছ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিব পাৰিব জনতাই।

আনহাতে বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে। ৰিজাৰ্ভত থকা নাচনী-ঢুলীয়াকো দিয়া হ’ব ২৫ হাজাৰকৈ টকা।

Leave A Reply