ডুবাইৰ পৰা ভাৰতলৈ আহিছে জীয়েক। মাকক সুধিলে, কি লাগিব? মাকে ক’লেঃ ‘বিলাহী’…

ডুবাইৰ পৰা ভাৰতলৈ আহিছে জীয়েক। মাকক সুধিলে, কি লাগিব? মাকে ক’লেঃ ‘বিলাহী’। জীয়েকে লৈ আহিলে ডুবাইৰ পৰা ১০ কিলো বিলাহী। বৰ্তমান শীৰ্ষত আছে বিলাহীৰ মূল্য। বিলাহীক লৈ হৈছে বহু হাস্যকৰ কাহিনী। এগৰাকী মহিলা ডুবাইৰ পৰা ভাৰতলৈ আহিছিল। অহাৰ আগতে মাকক সুধিলে ডুবাইৰ পৰা কি নিব লাগিব, মাকে ১০ কেজি বিলাহী আনিবলৈ ক’লে। জীয়েকে বিলাহী ভৰ্তি ছুটকেছ এটা লৈ ভাৰতলৈ আহে। ইয়াৰ পিছত এই মহিলাগৰাকী এই কাৰ্য বিশ্বতে ভাইৰেল হৈ পৰিল।

শেহতীয়াকৈ এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত লিখিছিল যে মোৰ ভণ্টী ডুবাইৰ পৰা ভাৰতলৈ আহিছিল। অহাৰ আগতে মাক সুধিছিল ডুবাইৰ পৰা কি নিব লাগিব, তাৰ পিছত পলম নকৰাকৈ মাকে তাইক ১০ কেজি বিলাহী আনিবলৈ ক’লে।


বৰ্তমান চৰকাৰেও বিলাহীৰ মূল্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে সংসদত কয় যে মহাৰাষ্ট্ৰৰ নাশিক, নাৰায়ণগাঁও, ঔৰংগাবাদ বেল্ট আৰু মধ্যপ্ৰদেশত নতুন শস্যৰ আগমনৰ বৃদ্ধিৰ বাবে বিলাহীৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। একে সময়তে বহু ঠাইত বিলাহী চুৰিৰ ঘটনাও চৰ্চালৈ আহিছে। শেহতীয়াকৈ পুনেৰ এজন কৃষকৰ ঘৰৰ পৰা ৪০০ কেজি বিলাহী চুৰি হৈছিল। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দিওঁতে কৃষকজনে কয় যে তেওঁৰ প্ৰায় বিশ হাজাৰ টকা লোকচান হৈছে।

Related Articles