ৰহাৰ ঘটনা এয়া! বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক। ৰহাৰ পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত দেখা গল এই দৃশ্য। আৰু ইয়াৰ পৰাই ১০৮ৰ সহায়ত শহুৰেকক লৈ যোৱা হয় নগাঁৱলৈ।জানিব পৰা মতে, ৰহাৰ ভাটিগাঁও নিবাসী থলেশ্বৰ দাস নামৰ এগৰাকী ৭৫ বছৰীয়া লোক শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত বোৱাৰী নিহাৰিকা দাসে এনেদৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে ৷ কিন্তু থলেশ্বৰ দাস ক’ভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছতে বোৱাৰীও আক্ৰান্ত হয় ক’ৰণাত।ক’ভিড পজিটিভ শহুৰেকক এনেদৰে হাস্পতাললৈ লৈ যোৱা বোৱাৰী নিহাৰিকাও এতিয়া আক্ৰান্ত হ’ল ক’ৰণা ভাইৰাছত। উল্লেখ্য যে, নিহাৰিকাৰ স্বামী তথা থলেশ্বৰ দাসৰ পুত্ৰ চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাৰ বাবেই বোৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে ৷ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত থলেশ্বৰ দাসক ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা। সেয়েহে চিকিৎসালয়খনত সেইসময়ত দায়িত্বত থকা ডা° সংগীতা ধৰ আৰু বহুমুখী স্বাস্থ্যকৰ্মী পিন্টু হীৰাই যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতাললৈ ১০৮ বাহনেৰে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ক’ৰণা মহামাৰীৰ এই বিভীষিকাৰ সময়ত ৰহাৰ নিহাৰিকা দাসে নিজৰ শহুৰৰ প্ৰতি দেখুওৱা দায়িত্ববোধে সকলোকে মোহিত কৰিছে।