Breaking

অৱসৰৰ দিনটোও সুখকৰ নহ’ল প্ৰধান শিক্ষকৰ

0 53

আজি বিদ্যালয়ৰপৰা টিন চুৰি কৰিবলৈ গৈ ধৰা পৰিল কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক৷

ৰাইজৰ ৰোষত বিদ্যালয়ৰপৰা পলায়ন প্ৰধান শিক্ষক জীবন চন্দ্ৰ নাথৰ৷

আজি আছিল জীৱন চন্দ্ৰ নাথৰ অৱসৰৰ দিন৷ অভিযোগ অনুসৰি এই অৱসৰৰ দিনটোতে পুৱা প্ৰায় ৭ বজাত এখন এ চি ভান লৈ বিদ্যালয় চৌহদত গোপনে প্ৰৱেশ কৰি প্ৰধান শিক্ষক নাথে এ চি ভানখনত স্কুলৰ টিন তুলি থকাৰ সময়তে একাংশ ৰাইজে প্ৰত্যক্ষ কৰে৷

প্ৰধান শিক্ষকগৰাকীৰ এই কাৰ্যত ৰাইজ ক্ষোভিত হৈ পৰাত টিন এৰি গাড়ী লৈ পলায়ন কৰে নাথ৷

এতিয়া জীৱন নাথৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷ প্ৰধান শিক্ষক নাথক গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

Leave A Reply