অসমৰ সাহিত্য , সাংবাদিকতাৰ আকাশ উকা কৰি ইহ জগতৰ পৰা পৰমাত্মাত বিলীন হ’ল। বিশিষ্টসাহিত্যিক,শিক্ষাবিদ,জেষ্ঠ সাংবাদিক, সমাজ কৰ্মী যাদৱ সেন ডেকা। হাঁহি, আনন্দ আৰু সততাৰে শিক্ষা, সাহিত্য সংবাদ সেৱাতে জীৱণৰ দীৰ্ঘ সময় মণোনিবেশ কৰা যাদব সেন ডেকাই কালি নিশা ৮২ বছৰ বয়সত পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰৰ নিজ গৃহতে ৮-৪৫ বজাত বাৰ্ধক্য জনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰৰ এটি আধ্যবন্ত পৰিয়ালৰ প্ৰয়াত কাশীসেন ডেকা আৰু ৰামেশ্বৰীসেন ডেকাৰ পুত্ৰ যাদৱ সেন ডেকাই বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি বেলশৰ হাইস্কুল(বৰ্তমানৰৰ উচ্চতৰ মাধ্যমিক )বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ পৰৱৰ্তীকালত দৰঙৰ গান্ধি স্মৃতি বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি পিছলৈ পশ্চিম নলবাৰীৰ উচ্চ শিক্ষাৰ প্ৰান কেন্দ্ৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি বৃহত্তৰ অঞ্চলত শিক্ষা বিস্তাৰ কৰিছিল৷ নিৰ্জু ,অমায়িক স্বভাৱৰ শিক্ষাবিদ যাদৱ সেন ডেকাই গুৱাহাটীৰ পৰা প্ৰকাশিত “আজিৰ অসম” নামৰ দৈনিক কাকতত সাংবাদিক হিচাপে অঞ্চলটোত সাংবাদিকতাৰ এক নতুন বাৰ্তা বহন কৰিছিল৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে যাদৱ সেন ডেকা পশ্চিম নলবাৰীত সাংবাদিকতাৰ এক নতুন দিগন্তৰ সূচনা কৰিছিল৷ একেধাৰে শিক্ষাৰ লগতে সাহিত্য চৰ্চাৰে কুৰিখনৰো অধিক মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল ৷ইয়াৰ ভিতৰত -টিপ চহী,জাল,বিয়াৰ কইনা ,সোন মইনাৰ সাধু,প্ৰাণেে প্ৰাণেে জীৱন্ত শিল্পী,আমাৰ বিষ্ণু ৰাভা,সৰু গছত ডাঙৰ চৰাই,লোক সংস্কৃতিৰ কোহে কোহে,৷অদ্ভুত ৰামায়ণৰ সাধু,নতুন সুৰুজ বিষ্ণু ৰাভা,বিৰিনাৰ ঈশ্বৰ,হাতিকৈও পিপৰা ডাঙৰ,ঢুলীয়া সংস্কৃতিৰ মোহন ভাইৰা,জীৱনৰ বগা কলা ৰং আৰু ৰং ৰং জীৱনৰ চমু আত্মজীৱনী ৰচনা কৰিছিল ৷ইয়াৰ উপৰিও অসমৰ প্ৰতিখন বাতৰি কাকতত যাদৱ সেন ডেকাই নিয়মীয়াকৈ প্ৰৱন্ধ লিখিছিল ৷ অধূণালুপ্ত নৱ উৰ্মী নামৰ সাপ্তাহিক কাকত এখনৰ সম্পাদনাও কৰিছিল ৷বেলশৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়,সমাজ কল্যাণৰ সভাপতি, সম্পাদকৰ দায়িত্বত থকাৰ উপৰিও বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,চিন্তামনি প্ৰাথমিক বিদ্যালয়, শিল্পী সংঘ, বেলশৰ শ্মশান সমিতি,চামতাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল ৷শিক্ষাবিদ,সাহিত্যিক ,সমাজ কৰ্মী,সাংবাদিক তথা বহুমুখী প্ৰতিভাৰ গৰাকী যাদৱ সেন ডেকাই কেবাখনো নাটক ৰচনা কৰাৰ লগতে অসমত প্ৰথম খন মহিলা ভ্ৰম্যমান থিয়েটাৰ “ কল্পনা থিয়েটাৰৰ প্ৰযোজক আছিল ৷ আজি ৰাতি ৮-৪৬ বজাত বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজশ্ৰ গুনমুগ্ধই ঘৰত শ্ৰদ্ধা নিবেদন কৰে ৷মৃত্যুৰ সময়ত পত্নী,এক পুত্ৰ,দুই কন্যাক এৰি যায় ৷
প্ৰবীন সাংবাদিক,সাহিত্যিক পেঞ্চনাৰ,অবসৰী শিক্ষক যাদব সেন ডেকাই সুদীৰ্ঘকাল শিক্ষা , সাহিত্য আৰু সাংবাদিকতা কৰি সমাজখনৰ বাবে যথেষ্ট অৱদান অগবঢ়াইছিল। আজি তেখেতৰ বাসগৃহত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, সহ: সাধাৰণ সম্পাদক নিৰুজুদ্দিন আহমেদ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰ্মন সাধাৰণ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱকে ধৰি জিলাখনৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

